ভয়ংকৰ খবৰ! ভাৰত পালেহি কৰ’ণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ, দুজন আক্ৰান্ত…

অৱশেষত ভাৰত পালেহি অতি ভয়াৱহ কৰ’ণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ।

পোন প্ৰথমবাৰৰ বাবে দেশৰ কৰ্নাটকৰ দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে অমিক্ৰণ ভাইৰাছ।

 এই নিশ্চিত কথা বৃহস্পতিবাৰে সদৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। এয়া হৈছে ভাৰতত প্ৰথম দুটা অমিক্ৰণৰ ঘটনা।

অমিক্ৰণত আক্ৰান্ত হোৱা লোক দুজনৰ এজনৰ বয়স ৬৬ বছৰ আৰু আনজনৰ বয়স ৪৬ বছৰ।

আক্ৰান্ত দুয়োজন লোক দক্ষিণ আফ্ৰিকাৰ পৰা অহা। দুয়োগৰাকীকে বৰ্তমানে আইছোলেছনত ৰখা হৈছে।

কিছুদিন পূৰ্বে দুয়োগৰাকী লোক বাংগালুৰুত উপস্থিত হৈছিল।

উল্লেখ্য যে, ডেল্টাত কৈ দুগুণ শক্তিশালী, অতি ক্ষীপ্ৰতাৰে সংক্ৰমিত এই অমিক্ৰণ ভাইৰাছ বিশ্বত প্ৰথমে ধৰা পৰিছিল দক্ষিণ আফ্ৰিকাত।

তাৰ পিছতে অতি ক্ষীপ্ৰতাৰে ২৯ খন দেশলৈ বিয়পি পৰিছিল এই ভাইৰাছ।

বৰ্তমানলৈকে বিশ্বত অমিক্ৰণত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩৭৩ জন।

অমিক্ৰণ ধৰা পৰাৰ পিছতে উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ ক্ষেত্ৰতো বহু বাধ্য-বাধকতা প্ৰদান কৰা হৈছে।

Leave a Comment