ভয়ংকৰ কাণ্ড! চুৰি কৰাৰ অপৰাধত চলন্ত ট্ৰাকৰ বনেটত বান্ধি থানালৈ নিলে অভিযুক্তক…

এক ভয়ংকৰ ঘটনা।
চুৰি কৰাৰ অপৰাধত চলন্ত ট্ৰাকৰ বনেটত বান্ধি থানালৈ নিলে অভিযুক্তক।
ট্ৰাকৰ পৰা ঘেঁহুৰ মোনা চুৰি কৰাৰ অভিযোগত প্ৰদান কৰা হয় এই ভয়ংকৰ শাস্তি।
পঞ্জাৱৰ মুক্তচৰ জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই শিহৰণকাৰী ভিডিঅ’।
ভিডিঅ’টোত প্ৰত্যক্ষ কৰা অনুসৰি, অভিযুক্তক এডাল ৰচীৰে ট্ৰাকৰ সন্মুখৰ বনেটত বান্ধি লৈ গৈছে ট্ৰাকখনৰ এজন সহায়কে।
Taliban-style punishment has now started in Punjab!
— #जयश्रीराधे 🚩🙏 (@gayatrigkhurana) December 11, 2022
See.. In Muktsar, a young man is being tied in front of a truck and taken to the police station for stealing two gunny bags.#Punjab #Muktsar pic.twitter.com/q9WgIwO9A2
জানিব পৰা মতে, অভিযুক্ত লোকজনে ট্ৰাকখনৰ পৰা দুখন ঘেঁহুৰ বস্তা চুৰি কৰিছিল। যাৰ বাবে লোকজনক এনেদৰে ট্ৰাকৰ সন্মুখৰ বনেটৰ অতি ভয়াৱহভাৱে বান্ধি বাছ ষ্টেণ্ড আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল।
ঘটনা সন্দৰ্ভত ইতিমধ্যেই আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।