অসমীয়াআন্তঃৰাষ্ট্ৰীয়
ভয়ংকৰ! আকাশ মাৰ্গতে দুখন হেলিকপ্টাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ, ৪ জনৰ মৃত্যু…

নিউজ ডেস্কঃ আকাশমাৰ্গতে দুখন হেলিকপ্টাৰৰ মাজত সংঘটিত হ’ল ভয়ংকৰ সংঘৰ্ষ।
অষ্ট্ৰেলিয়াৰ বিখ্যাত গোল্ড কোষ্ট এলেকাত দেওবাৰে সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত ৪ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৩ জন গুৰুতৰভাৱে আহত হয়।
বাতৰি অনুসৰি, স্থানীয় সময়ানুসৰি বিয়লি প্ৰায় ২ বজাত ছি ৱৰ্ল্ড থিম পাৰ্কৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়।
দুয়োখন হেলিকপ্টাৰত আছিল মুঠ ১৩ জন যাত্ৰী।

আকাশমাৰ্গত হেলিকপ্টাৰ দুখনৰ সংঘৰ্ষৰ পিছত ভূপতিত হোৱাত দুয়োখন হেলিকপ্টাৰৰ ৪ জন যাত্ৰীৰ থিতাতে মৃত্যু ঘটে।
অন্যহাতে স্থানীয় লোক আৰু ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হোৱা উদ্ধাৰকাৰী দলে আহত সকলক নিৰাপদ দূৰত্বলৈ উলিয়াই আনিবলৈ সক্ষম হয়।
অষ্ট্ৰেলিয়াৰ পৰিবহণ সুৰক্ষা ব্যুৰোৱে এই দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।