ভয়ংকৰ! আকাশমাৰ্গত নিয়ন্ত্ৰণহীন হৈ ঘৰৰ চোতালত বাগৰি পৰিল গ্লাইডাৰ, চাওক ভিডিঅ’…

নিউজ ডেস্কঃ বিমান বন্দৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে নিয়ন্ত্ৰণহীন হৈ পৰা গ্লাইডাৰ বাগৰি পৰিল এঘৰৰ চোতালত।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ বৰৱাড্ডাৰ বীৰছা মুণ্ডা পাৰ্কৰ সমীপৰ হোৱাইট ডুপ্লেক্স কলনীত।

কলনীৰ বাসিন্দা নীলেশ কুমাৰৰ ঘৰৰ চোতালত গ্লাইডাৰখন বাগৰি পৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

এই দুৰ্ঘটনাটোত গ্লাইডাৰখনৰ পাইলট বলৱন্ত কুমাৰ আৰু বিহাৰৰ পাটনাৰ পঞ্চমুখী মন্দিৰৰ বাসিনা কুশ কুমাৰ নামৰ এজন ১৬ বছৰীয়া কিশোৰ আহত হয়।

দুৰ্ঘটনাৰ পিছত পাইলট বলৱন্ত কুমাৰে নিজেই কিশোৰজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, কুশ কুমাৰে ধনবাদ বাবুদিহৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ আহি বৃহস্পতিবাৰে ৮০০ টকাত টিকট ক্ৰয় কৰি পেৰাগ্লাইডিং কৰিছিল।

কিন্তু গ্লাইডাৰখন উৰা মৰাৰ কিছু সময় পিছতে বিদ্যুতৰ তাঁৰ আৰু গছত লাগি নিয়ন্ত্ৰণহীন হৈ পৰে আৰু স্থানীয় বাসিন্দাৰ ঘৰৰ চোতালত বাগৰি পৰে।

অৱশ্যে এই ভয়ংকৰ দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে ৰক্ষা পৰে কুশ আৰু পাইলট বলৱন্ত কুমাৰ।

আহত কুশ বৰ্তমান আছাৰফি হাস্পতালত চিকিৎসাধীন হৈ আছে।

আনহাতে গ্লাইডাৰ পাইলট বলৱন্ত কুমাৰ ধনবাদৰ জালান হাস্পতালত চিকিৎসাধীন হৈ আছে।

দুয়োৰে অৱস্থা বিপদমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।