ৰাষ্ট্ৰীয়

ভয়ংকৰ অঘটন! খহি পৰিল ৰে’লৱে ষ্টেচনৰ ফুট অভাৰব্ৰীজ, আহত কেইবাজনো লোক…

এক ভয়ংকৰ দুৰ্ঘটনা।

ৰে’লৱে ষ্টেচনৰ ফুট অভাৰব্ৰীজ খহি পৰি আহত কেইবাজনো লোক।

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰৰ বল্লাৰশ্বাহ ৰে’লৱে ষ্টেচনত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন।

জানিব পৰা মতে, বল্লাৰশ্বাহ ৰে’ল ষ্টেচনত থকা ফুট অভাৰব্ৰীজ খনৰ এটা অংশ হঠাতে খহি পৰে। যাৰ ফলত বহুতো যাত্ৰী ফুট অভাৰব্ৰীজৰ পৰা তললৈ সৰি পৰে আৰু আহত হয়।

তথ্য অনুসৰি, ফুট অভাৰব্ৰীজৰ খনৰ উচ্চতা প্ৰায় ৬০ ফুট আছিল। অৰ্থাৎ, লোকসকল ৬০ ফুট উচ্চতাৰ পৰা ৰে’লৰ ট্ৰেকত পৰি যায়।

এই দুৰ্ঘটনাটোৰ ফলত প্ৰায় ২০ জন যাত্ৰী আহত হৈছে। যাৰ ফলত চাৰিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বহুতো যাত্ৰী কাজিপেট পুনে এক্সপ্ৰেছ ধৰিবলৈ প্লেটফৰ্ম নম্বৰ ১ ৰ পৰা প্লেটফৰ্ম নম্বৰ ৪ লৈ গৈ আছিল। সেই সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

আহত যাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Articles

Back to top button