অসম
ভয়ংকৰ অগ্নিকাণ্ড! জুইত জাহ গ’ল ৮টাকৈ বাসগৃহ….

দুলীয়াজানৰ বিষ্ণু নগৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত জাহ গৈছে ৮ টাকৈ বাসগৃহ।
অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ দুটাকৈ চিলিণ্ডাৰ।
অইল ইণ্ডিয়া লিমিটেডৰ ৬ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰে জুই নিয়ন্ত্রণৰ চেষ্টা।
অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।
জুইত জাহ গৈছে কেইবা লক্ষাধিক মূল্যৰ সা-সম্পত্তি।
ভৱেশ গগৈ নামৰ লোকজনৰ ৮টাকৈ ভাড়াতীয়া ঘৰ ভস্মীভূত।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা।