ভয়ংকৰ অগ্নিকাণ্ড! জীৱন্তে অগ্নিদ্বগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে ৭ জনকৈ লোকে…

এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডত জীৱন্তে অগ্নিদ্বগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে ৭ জনকৈ লোকে।

দেশৰ ৰাজধানী দিল্লীৰ গকুলপুৰিত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।

শুক্ৰবাৰে মাজ নিশা অঞ্চলটোত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

উল্লেখ্য যে, প্ৰথমাৱস্থাত ৭ জন লোকে সেই অগ্নিকাণ্ডত মৃত্যু হোৱা বুলি জানিব পৰা হোৱা নাছিল।

অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰি পাছত ঘটনাৰ ক্ষয় ক্ষতিৰ বিষয়ে বুজ লওতে ৭ টা কৈ মৃতদেহ উদ্ধাৰ হয়।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও টুইট কৰি এই ঘটনাৰ শোক ব্যক্ত কৰে।

লগতে ভুক্তভোগী লোকসকলক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে।

Leave a Comment