ভগৱানৰ নামতকৈও বেছিকৈ কংগ্ৰেছৰ নাম লোৱা হৈছে বিজেপিয়েঃ ভূপেন বৰা

নিউজ ডেস্ক। ভগৱানৰ নামতকৈ আজিকালি কংগ্ৰেছৰ নাম বেছিকৈ লয় বিজেপিয়ে। – অসম চৰকাৰ আৰু বিজেপিক তুলাধূনা দি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

ভগৱান শ্ৰীকৃষ্ণ, ৰামচন্দ্ৰৰ কথা কোৱা বিজেপিত আজিৰ সময়ত শ্ৰীকৃষ্ণ, ৰামক অনুসৰণ কৰা নেতা কেইজন আছে বুলিও প্ৰশ্ন কৰে ভূপেন বৰাই।

কংগ্ৰেছৰ নাম নল’লে এতিয়া বিজেপি নেতাৰ দিনটো পাৰ নহয় বুলি কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছে এতিয়া অসমত জাতীয় দায়িত্ব পালন কৰি আছে।

চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত, নিবনুৱা সমস্যা সমাধান নোহোৱাত কংগ্ৰেছে মাত মাতি নিজৰ জাতীয় দায়িত্ব পালন কৰি যাব বুলিও মন্তব্য কৰে ভূপেন বৰাই।

আনহাতে তেওঁৰ হিন্দী ভাষা বিতৰ্কক লৈ ভূপেন বৰাই কিয় যে এতিয়া বিজেপিয়ে তেওঁৰ সুৰ, ভাষা, ব্যকৰণ আদিৰ কথা কৈ মূল ইছ্যুৰ পৰা মানুহক আঁতৰাই ৰাখিব বিচাৰিছে।

কিন্তু অসমৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে বিজেপি। সেইবাবেই এতিয়া ভূপেন বৰাৰ কবিতা, সুৰ, ভাষাৰ পিছত বিজেপি লাগি আছে বুলি কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

Leave a Comment