ভগ্নীৰ জন্মদিন পালন কৰিবলৈ গৈ নৈৰ বুকুত সন্ধানহীন যুৱক…

নিউজ ডেস্কঃ ভগ্নীৰ জন্মদিন উপলক্ষ্যে নৈৰ পাৰলৈ বনভোজ খাবলৈ গৈ নৈৰ বুকুত সন্ধানহীন হৈ পৰিল এজন যুৱক।

সোমবাৰে শোনিতপুৰৰ লখৰাৰ সোণাই পামৰ জীয়াভৰালী নৈত সংঘটিত হয় এই অঘটন।

জানিব পৰা মতে, ভগ্নীৰ জন্মদিন উদযাপন কৰি বন্ধুৰ সৈতে জীয়াভৰালী নৈৰ পাৰত বনভোজ খাবলৈ গৈছিল শ্যাম ৰয় নামৰ যুৱকজনে।

photo1660652565
ভগ্নীৰ জন্মদিন পালন কৰিবলৈ গৈ নৈৰ বুকুত সন্ধানহীন যুৱক… 2

তাৰ পিছতে যুৱকজনে আন কেইজনমান বন্ধুৰ সৈতে গা ধুবলৈ নৈৰ পানীত নমাৰ পিছতে সন্ধানহীন হৈ পৰে শ্যাম ৰয়।

ইফালে যুৱকজন নৈৰ বুকুত সন্ধানহীন হোৱাৰ লগে লগে হাহাকাৰ লাগে বন্ধুৰ মাজত। ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ সন্ধানত অভিযান চলায়।

কিন্তু এতিয়ালৈকে যুৱক জনৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।