ভংয়কৰ পথ দুৰ্ঘটনা! পৰীক্ষা দিবলৈ বুলি ওলাই যোৱা ৬ পৰীক্ষাৰ্থীৰ কৰুণ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

পৰীক্ষা দিবলৈ বুলি ওলাই যোৱা ৬ পৰীক্ষাৰ্থীৰ কৰুণ মৃত্যু।

এখন তীব্ৰবেগী ইকো ভেনে প্ৰচণ্ড জোৰে ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

যাৰ ফলত ভেনখনৰ ভিতৰত থকা ১০ যাত্ৰীৰ ভিতৰত ৬ গৰাকী যাত্ৰী থিতাতে নিহত হয়।

আনহাতে গুৰুতৰভাৱে আহত হৈছে আন ৪ গৰাকী শিক্ষাৰ্থী।

এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানত।

জনিব পৰা মতে বাহন খনত থকা কেউগৰাকী যাত্ৰীয়েই শিক্ষক যোগ্যতা পৰীক্ষা(Rajasthan Teacher Eligibility Test)ৰ বাবে ৰাওনা হৈছিল।

সেই যাত্ৰা পথতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰি নিকট হাস্পতালত ভৰ্তি কৰায়।

Leave a Comment