বৰ্ষাশ্ৰীৰ দুমাহ! কিন্তু গ্ৰেপ্তাৰৰ ২৪ ঘণ্টা নৌহওঁতেই মুকলি আকাশৰ তললৈ ওলাল স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক

নিউজ ডেস্কঃ গ্ৰেপ্তাৰৰ ২৪ ঘণ্টা পাৰ নৌহওতেই জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ’ল স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক।

নাৰী বিদ্বেষী মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বুধবাৰে নিশা হাউলীৰ কালঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল তথাকথিত আয়ুৰ্বেদিক চিকিৎসক পংকজ পাঠকক।

তাৰ পিছতে নিশাই হাতীগাঁও আৰক্ষীয়ে তেওঁক লৈ আহিছিল গুৱাহাটীলৈ।

কিন্তু গ্ৰেপ্তাৰৰ ২৪ ঘণ্টা নৌহওঁতেই থানাৰ পৰাই জামিন লাভ কৰিবলৈ সক্ষম হ’ল পংকজ পাঠকে।

উল্লেখ্য যে, চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খাবলৈ বিধান দিয়া পংকজ পাঠকৰ বিৰুদ্ধে থানাই থানাই মহিলা সংগঠনে দাখিল কৰিছিল এজাহাৰ।

দিছপুৰ, হাতীগাঁও, বশিষ্ঠ থানাতো পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ। তাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বুধবাৰে নিশা হাউলীত এটা পৰিয়ালত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল পংকজ পাঠকক।

যিখন চৰকাৰৰ দিনত বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ দৰে এগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে জামিন লাভ নকৰি দুমাহ ধৰি কাৰাবন্দী হৈ থাকিবলগীয়া হৈছিল, সেই চৰকাৰৰ দিনত নাৰী বিদ্বেষী মন্তব্য কৰা পংকজ পাঠকে কেনেকৈ ২৪ ঘণ্টাৰ ভিতৰতে জামিন লাভ কৰিলে বুলিও এতিয়া প্ৰশ্ন তুলিছে একাংশই।

নে স্বয়ম্ভূ আচাৰ্যজনৰ মূৰৰ ওপৰত কোনো ক্ষমতাশালীৰ হাত আছে বুলিও প্ৰশ্ন কৰিছে বহুতে।