অসম

বৰ্বৰ কাণ্ড! মহানগৰীত উন্মত্ত যুৱকে দাৰে ঘপিয়ালে ৩ জনকৈ লোকক, দুজনৰ চিঙি গ’ল হাত…

মহানগৰীত বৰবাৰীত বৰ্বৰ কাণ্ড।

এজন যুৱকৰ দাৰে ঘাপত গুৰুতৰভাৱে আহত ৩ জনকৈ লোক।

নিৰণ টেৰণ নামৰ এজন যুৱকৰ দাৰ ঘাপত আহত লোক তিনিগৰাকী।

যাৰ ভিতৰত দুজন লোকৰ দাৰ ঘাপত হাত চিঙি গৈছে।

আহত কেইজন অৰূপ টেৰণ, অনিতা টেৰণ আৰু সমীৰণ টেৰণ বুলি জানিব পৰা গৈছে।

বৰবাৰীৰ চাই বাবা মন্দিৰৰ ওচৰৰ পৰা উত্তেজিত ৰাইজে আটক কৰে অভিযুক্তক।

বৰ্তমানে দিছপুৰ থানা লৈ অনা হৈছে নিৰণ টেৰণক।

আহত কেইজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি।

Related Articles

Leave a Reply

Back to top button