বৰ্জন কৰক গণৰাজ্য দিৱস! ২৬ জানুৱাৰীত ১৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান আলফা (স্বাধীন)ৰ…

নিউজ ডেস্কঃ ৰাজ্যবাসীক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান পৰেশ বৰুৱা পন্থী আলফা স্বাধীনৰ।

২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনটোত ১৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাই বিবৃত্তি প্ৰকাশ নিষিদ্ধ ঘোষিত সংগঠনটোৰ।

বুধবাৰে নিশা ১২ বজাৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া ৬ বজালৈ বন্ধৰ আহ্বান জনাইছে আলফা স্বাধীনে।

ইফালে নাগালেণ্ডৰ জাতীয়তাবাদী সমাজবাদী পৰিষদেও গণৰাজ্য দিৱসত নাগালেণ্ডত আহ্বান জনাইছে সাধাৰণ ধৰ্মঘটৰ।

অৱশ্যে জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় অনুষ্ঠানসমূহ বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বুলি প্ৰকাশ কৰা হৈছে আলফা, এন এছ চি এন আৰু জিপিআৰএনৰ এক যৌথ বিবৃতিত।

উল্লেখ্য যে, অহা ২৬ জানুৱাৰীত ৰাজ্যত পালন কৰা হ’ব সৰস্বতী পূজাও।

এনে পৰিপ্ৰেক্ষিতত আলফাই আহ্বান কৰা বন্ধক লৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।