fbpx
অসম

বৰষুণ-বানে খহালে ৰে’লপথ! বহু কেইখন ৰে’লৰ যাত্ৰা বাতিল, লগতে সলনি কৰা হৈছে গতিপথ…

বৰষুণ আৰু বানৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত খহিছে ৰে’লপথ।

যাৰ বাবে প্ৰান্তে প্ৰান্তে অস্থায়ীভাৱে বন্ধ হৈ পৰিছে ৰেলসেৱা।

 ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে উত্তৰ পূৱ ৰে’লৱেই বাতিল কৰিছে বহুকেইখন ৰে’লৰ যাত্ৰা।

এইপর্যন্ত ৫খন ৰে’লৰ যাত্রা বাতিল কৰাৰ লগতে আশিংকভাৱে বাতিল কৰা হৈছে বহুকেইখন ৰে’লৰ যাত্রা। লগতে বহুকেইখন ৰে’লৰ গতিপথ সলনি কৰা হৈছে।

সেই অনুসৰি গুৱাহাটী-নিউ বঙাইগাঁও যাত্রীবাহী ৰে’লৰ সেৱা বাতিল কৰাৰ লগতে চিফুং এক্সপ্রেছৰ সেৱা আজি বন্ধ থাকিব।

আনহাতে ইণ্টাৰচিটি এক্সপ্রেছৰ সেৱা আলিপুৰদুৱাৰ-গুৱাহাটীৰ মাজত বন্ধ থাকিব।

ইপিনে ৭খন ৰে’ল ৰঙিয়াৰ পৰিৱর্তে গোৱালপাৰা-বঙাইগাঁও হৈ চলিব।

দিল্লী-ডিব্রুগড় ৰাজধানী এক্সপ্রেছ গোৱালপাৰা হৈ চলিব।

ব্ৰহ্মপুত্ৰ মেইল ৰঙিয়াৰ পৰিৱর্তে গোৱালপাৰা হৈ চলিব লগতে কাঞ্চনজংঘা এক্সপ্রেছ ৰঙিয়াৰ পৰিৱর্তে গোৱালপাৰা হৈ চলিব।

লোকমান্য তিলক ৰে’ল, বিকানেৰ এক্সপ্রেছ, অবধ আছাম এক্সপ্রেছ চলিব গোৱালপাৰা হৈ।

উল্লেখ্য যে, নলবাৰীত অস্থায়ীভাৱে বন্ধ হৈ পৰিছে ৰে’লসেৱা। বৰষুণ আৰু বানৰ পৰিপ্ৰেক্ষিতত খহিছে ঘগ্ৰাপাৰ আৰু নলবাৰীৰ মাজৰ ৰেলপথৰ একাংশ। যাৰ বাবে অস্থায়ীভাৱে বন্ধ হৈ পৰিছে ৰেলসেৱা।

ইতিমধ্যে এই ৰেলপথৰ খহি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ৰেলসেৱা পুনৰ আৰম্ভ হ’ব বুলি আশা কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!