বৰষুণৰ পৰা ৰক্ষা পাবলৈ গছৰ তলত থিয় হৈ আছিল ৪ জন লােক! সেই সময়তে ঘটিল শােকাৱহ ঘটনা

March 13, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বৰষুণৰ পৰা ৰক্ষা পাবলৈ গছৰ তলত থিয় হৈ থকা অৱস্থাত ঘটিল বজ্ৰপাত। এই ঘটনাত গুৰুতৰভাৱে আহত হ’ল ৪ জন লােক। ইয়াৰ এজনৰ মৃত্যু ঘটে চিকিৎসালয়ত।

এই ঘটনা সংঘটিত হৈছে হাৰয়ানাৰ গুৰুগ্ৰামৰ চেক্টৰ-৮২ স্থিত ৱাটিকা ইণ্ডিয়া নেক্সটৰ আবাসিক চৌহদত।

এই সমগ্ৰ ঘটনা বন্দী হয় CCTV কেমেৰাত। এই ভিডিঅ’ত প্ৰত্যক্ষ কৰা অনুসৰি, বজ্ৰপাতৰ সময়তে ঘটনাস্থলীত উজ্জ্বল পােহৰ পৰিলক্ষিত হয়। লগে লগে মাটিত ঢলি পৰে চাৰিওজন লােক।

ৱাটিকা ইণ্ডিয়া নেক্সট্ চৌহত সংঘটিত এই ঘটনাত নিহত আৰু আহত সকল ইয়াৰ উদ্যান বিভাগৰ কৰ্মচাৰী।

ঘটনাৰ লগে লগে চাৰিওজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ৰাম প্ৰসাদ (৩৮)ৰ চিকিৎসালয়ত মৃত্যু ঘটে।

আহতসকলৰ নাম শিৱ দত্ত (৪৩), লালি (৩২), আৰু অনিল কুমাৰ (৩২) বুলি জানিব পৰা গৈছে। তেওঁলােক বৰ্তমানে বিপদমুক্ত।

ৱাটিকা ইণ্ডিয়াৰ নেক্সটৰ বিষয়া শক্তি সিং চৌহানে সংবাদ মাধ্যমক জনায় যে “কৰ্মচাৰীসকলে উদ্যানত কাম কাম কৰি থকা অৱস্থাত বিয়লি প্ৰায় ৪.২০ বজাত হঠাতে বৰষুণ আৰম্ভ হৈছিল। বৰষুণ পৰা ৰক্ষা পাবলৈ তেওঁলোক চাৰিজনে গছৰ তলত আশ্ৰয় ল’বলৈ দৌৰি গৈছিল। সেই সময়তে হঠাৎ বজ্ৰপাতৰ ঘটনা ঘটে।”

লগতে চাওকঃ

হেলমেট পৰিধান নকৰাকৈ বাইক ষ্টান্ট কৰিলে যুৱতীয়ে! ভিডিঅ’ ভাইৰেল হােৱাৰ গােচৰ ৰুজু আৰক্ষীৰ

প্ৰেমিকাক কোলাত বহুৱাই বাইক ষ্টাণ্ট কৰি জৰিমনা ভৰিলে প্ৰেমিকে! ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা

বাংলাদেশৰ পৰা ২০০৪ চনতে সন্ধানহীন ভনীয়েকক ভাৰতত বিচাৰি পালে ভাতৃয়ে!

৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’