
নিউজ ডেস্কঃ সাপেখাতীৰ এক অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে শনিবাৰে চৰাইদেউ জিলাৰ টেঙাপুখুৰীত এক পথ দুৰ্ঘটনাত পতিত হৈছিল অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা।
এখন এল্ট’ বাহনত খুন্দা মৰাৰ ফলত বৰষা আৰু স্বামী আঘাতপ্ৰাপ্ত নহ’লেও আঘাতপ্ৰাপ্ত হৈছিল আনখন বাহনত থকা ৫জনকৈ লোক।
ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানৰ পৰা গুচি গৈছিল অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱাই।
কিন্তু তাৰ পিছতে একাংশ সংবাদ মাধ্যমত আৰু সামাজিক মাধ্যমত দুৰ্ঘটনা সংঘটিত কৰি বৰষাৰাণী বিষয়া পলায়ন কৰা বুলি অভিযোগ উত্থাপন হৈছিল।
সন্ধিয়াৰ ভাগত তেওঁ পুনৰ উপস্থিত হয় টেঙাপুখুৰী থানাত।
তাতে তেওঁ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কালত পলায়নৰ অভিযোগ খণ্ডন কৰি কয়, ‘বৰষাৰাণী বিষয়াই কেতিয়াও পলায়ন নকৰে।’
পৰিকল্পনা অবিহনে যি হয়, সেয়াই দুৰ্ঘটনা বুলি মন্তব্য কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে ভগৱানৰ কৃপাত আহত সকলো সুস্থ হৈয়ে আছে।
দুয়োপক্ষৰ মাজত ইতিমধ্যে মিলামিচা হৈছে বুলিও জানিবলৈ দিয়ে অভিনেত্ৰী বৰষাৰাণী বিষয়াই।