বিৰল দৃশ্য! কেক কাটি, ডিজে লগাই দুটা ছাগলী পোৱালিৰ জন্মদিন উদযাপন এহাল নিঃসন্তান দম্পতীৰ…

নিউজ ডেস্কঃ কেক কাটি, ওচৰ-চুবুৰীয়াক খানা খুৱাই দুটা ছাগলী পোৱালিৰ জন্মদিন ধুমধামেৰে পালন কৰিলে এহাল দম্পতীয়ে!

ছাগলী পোৱালিৰ জন্মদিন পালন কৰাৰ এই ফটো আৰু ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

এনে এক বিৰল ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাণ্ডা অঞ্চলত।

জানিব পৰা মতে, বাণ্ডাৰ কাশীৰাম কলনীৰ নিৱাসী ৰাজা আৰু তেওঁৰ পত্নীয়ে উলহ মালহেৰে জন্মদিন পালন কৰে ছাগলী পোৱালি দুটাৰ।

নিঃসন্তান দম্পতীহালে মন্তব্য কৰা মতে, যোৱা বছৰ তেওঁলোকৰ ঘৰত জন্মলাভ কৰিছিল দুটা ছাগলী পোৱালিয়ে।

ছাগলী পোৱালি দুটাৰ তেওঁলোকে নাম দিছিল কুবেৰ আৰু লক্ষ্মী। সন্তানহীন দম্পতীহালে ছাগলী পোৱালি দুটাকে নিজৰ সন্তান হিচাপে ভাৱি শেহতীয়াকৈ দুয়োৰে এবছৰীয়া জন্মদিন পালন কৰিছে।

এই জন্মদিন উদযাপনৰ সময়ত দম্পতীহালে কেক কটাৰ লগতে ঘৰলৈ ওচৰ-চুবুৰীয়াকো আমন্ত্ৰণ জনায়। আনহাতে পোৱালি দুটাৰ জন্মদিনলৈ অহা লোকসকলেও হাতত উপহাৰৰ টোপোলা লৈ আহে।