বৰফৰ বগা চাদৰৰ আৱৰণত শ্বিলং!

নিউজ ডেস্ক। বৰদিনৰ মাজত মাত্ৰ দুটা দিন।

তেনে সময়তে বৰফৰ বগা চাদৰৰ আৱৰণে যেন ঢাকি পেলাইছে অসমৰ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং।

FHNDHqv-Vg-AM4g-YS

ইয়াৰ ফলত পূৰ্বৰ স্ক’টলেণ্ড খ্যাত শ্বিলং চহৰত হ্ৰাস পাইছে তাপমাত্ৰা।

বুধবাৰে দুপৰীয়া শ্বিলঙত হোৱা ধাৰাসাৰ শিলাবৃষ্টিৰ ফলত পাইনৰ চহৰখনৰ তাপমাত্ৰা কিছু পৰিমাণে হ্ৰাস পাইছে।

যাৰ ফলতে পূৰ্বৰে পৰা ঠাণ্ডাৰ বাবে বিখ্যাত চহৰখন হৈ পৰিছে হিমশীতল।

বিভিন্ন জনে বৰফৰ বগা আৱৰণে ঢাকি পেলাৱা বাট-পথ, পথাৰৰ ফটাে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

এনে বিৰল দৃশ্য পুনৰ উপভােগ কৰিবলৈ পাই নষ্টালজিক হৈ পৰিছে শ্বিলংবাসী।

FHMp-Xt-EUc-AAW0-BM

একাংশ লােকৰ মতে, এই শিলাবৃষ্টিয়ে চহৰখনলৈ খ্ৰীষ্টমাছৰ আগতীয়া অনুভৱ কঢ়িয়াই আনিছে।

FHMmc2q-Uc-AUBXQt

ফলত অধিক বিশেষ হৈ পৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ বৰদিন।

লগতে চাওকঃ

শ্বিলঙত বৰফাবৃত্ত পুলত সাঁতুৰি নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি ফৰেভাৰ ইয়ঙৰ

Leave a Comment