বৰদোৱাৰ পৰা কোচবিহাৰলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰাতি কটোৱা প্ৰতিখন ঠাইতে নামঘৰ নিৰ্মান কৰিব অসম চৰকাৰে

বৰদোৱাৰ পৰা কোচবিহাৰলৈ যি ঠাইতে ৰাতি কটাইছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, সেই ঠাইতে নামঘৰ নিৰ্মান কৰিব অসম চৰকাৰে।

নাহৰকটীয়াৰ চাচনী, কলিয়াপানী আৰু ৰাঙলী পথাৰৰ বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশ লৈ দেওবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ স্থাপন কৰাৰ অৰ্থে বৰদোৱাৰ পৰা আৰম্ভ কৰি কোচবিহাৰলৈ যি ঠাইতে গুৰুজনাই এনিশা হলেও পাৰ কৰিছিল, সেই ঠাইতে একোটাকৈ নামঘৰ নিৰ্মাণৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে তীৰ্থযাত্ৰী সকলৰ সুবিধাৰ্থে বৰদোৱাৰ পৰা গুৰুজনাই থকা প্ৰতিটো স্থান সামৰি কোচবিহাৰ পৰ্যন্ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসেৱা প্ৰৱৰ্তন কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনত উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই এই অধিবেশনৰ স্মৃতি ৰক্ষার্থে নামঘৰ নিৰ্মাণৰ নামত অভ্যৰ্থনা সমিতিত ১ কোটি টকা আগবঢ়োৱাৰ বিষয়েও ঘোষণা কৰে।

আনহাতে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দা-দৰমহাৰ বাবদ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বছৰি ৬ কোটিকৈ টকা আবণ্টন দিয়াৰ বিষয়েও ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জনায় মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ সংঘই আগবঢ়োৱা শশীকান্ত বৰবৰুৱা বঁটা আৰু ৰমাকান্ত মুক্তিয়াৰ আতা বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Comment