অসম

বৰঝাৰ বিমানবন্দৰত নতুন সংযোজনঃ মাত্ৰ ৩ ঘণ্টাতেই উপস্থিত হ’ব পাৰিব পুনেত…

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংযোজন ঘটিল এক নতুন বিমানসেৱাৰ।

আঞ্চলিক বিমান সংযোগৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে ভাৰতৰ আগশাৰীৰ বিমান প্ৰতিষ্ঠান ইণ্ডিগ’ৱে আৰম্ভ কৰিলে নতুন বিমানসেৱা।

এতিয়াৰে পৰা বৰঝাৰৰ পৰা পুনেলৈ যাত্ৰাৰ সময় সীমা হ’ব মাত্ৰ ৩ ঘণ্টা।

বৃহস্পতিবাৰে বৰঝাৰ বিমানবন্দৰত মুকলি কৰা হ’ল এই গুৱাহাটী-পুনেৰ পোনপটীয়া বিমানসেৱাৰ।

বৰঝাৰ বিমানবন্দৰত টাৰ্মিনেলত কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ইণ্ডিগ’ৰ চীফ ষ্ট্ৰেটেজী এণ্ড ৰেভিনিউ অফিচাৰ সঞ্জয় কুমাৰ, গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা ভাৰ্চুৱেলযোগে উপস্থিত থাকে।

লগতে বৰঝাৰ বিমানবন্দৰত উপস্থিত থাকে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, Airport Authority of indiaৰ উত্তৰ-পুৱৰ ক্ষেত্ৰীয় সঞ্চালক, আদানী গ্ৰুপৰ বিষয়া আৰু ইণ্ডিগ’ৰ বিষয়ববীয়াসকল।

মাত্ৰ ৪,৭৮৯ টকাত উপলদ্ধ হ’ব গুৱাহাটী-পুনে বিমানৰ টিকট।

এই বিমানসেৱা দৈনিক গুৱাহাটীৰ পৰা পুনেলৈ নিশা ১০ বাজি ৪০ মিনিটত উৰা মাৰিব একেদৰে পুৱতি নিশাই ২ বাজি ৫০ মিনিটত পুনেৰ পৰা গুৱাহাটীলৈ উৰা মাৰিব।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button