বয়োজ্যেষ্ঠ লোকক দুৰ্ব্যৱহাৰ! হোজাইৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তক নিলম্বন…

হোজাইৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তক নিলম্বন।

উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন।

এগৰাকী ব্যক্তি আৰু তেওঁৰ পুত্ৰক প্ৰহাৰৰ অভিযোগত নিলম্বন।

সুৰামত্ত অৱস্থাত উপায়ুক্তৰ বাসভৱনৰ সমীপতে প্ৰহাৰ কৰিছিল পিতা-পুত্ৰক।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৎকালীনভাৱে নিলম্বন কৰা হয় দুয়োকে।

জানিব পৰা মতে, এজন স্কুটী আৰোহীয়ে লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে বিপৰীত দিশেৰে আহি থকা প্ৰত্যক্ষ কৰে উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাই। তাৰ পিছতে তেওঁলোক দুজনে স্কুটী আৰোহী জনক খেদি খেদি প্ৰহাৰ কৰে।

এই সমগ্ৰ ঘটনা বন্দি হৈছিল চিচিটিভিৰ কেমেৰাত।

সেই ঘটনাৰ পিছতেই উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তই স্থানীয় ৰাইজক দুৰ্ব্যবহাৰ কৰাৰ লগতে সুৰাসক্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈছিল।

এই অভিযোগৰ পিছতেই মুখ্যমন্ত্ৰীয়ে দুয়োজনকে নিলম্বৰ নিৰ্দেশ দিয়ে।