ব্ৰেক ফেইল হৈ ৩৫ কিমি পিছুৱাই আহিল যাত্ৰীবাহী ৰে’ল! নিলম্বিত হ’ল চালকসহ ৩ ৰে’ল কৰ্মচাৰী

March 19, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হ’ল ৰে’ল বিভাগত। আগুৱাই যােৱাৰ পৰিৱৰ্তে প্ৰায় ৩৫ কিলােমিটাৰ পিছুৱাই গ’ল এখন যাত্ৰীবাহী ৰে’ল।

বুধবাৰে দিল্লীৰ পৰা উত্তৰাখণ্ডৰ তনকপুৰলৈ যাত্ৰা কৰা পূৰ্ণগিৰি জনশতাব্দী এক্সপ্ৰেছ ৰে’লখনত সংঘটিত হ’ল এই ঘটনা। অৱশ্যে সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰে’লখন।

এই অভাৱনীয় ঘটনাক লৈ তীব্ৰ সমালােচনাৰ সন্মুখীন হ’ল ভাৰতীয় ৰে’ল বিভাগ। ইপিনে, ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘােষণা কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষই ৰে’লখনৰ চালক, সহ চালক আৰু এজন কৰ্মচাৰীক নিলম্বিত কৰিছে।

এই কথা বৃহস্পতিবাৰে জানিবলৈ দিয়ে উত্তৰ-পূৱ ৰেল সংমণ্ডলৰ জন সম্পৰ্কৰক্ষী বিষয়া ৰাজেন্দ্ৰ সিঙে। লগতে এই ঘটনাৰ তদন্ত অব্যাহত আছে বুলিও জানিবলৈ দিয়ে বিষয়াজনে।

উল্লেখ্য যে ৰেলপথত থকা এটা গৰুক বচাবলৈ চালকে জোৰেৰে প্ৰয়ােগ কৰিছিল ব্ৰেক। তেতিয়াই ৰে’ল খনৰ প্ৰেছাৰ পাইপ ফাটি যায়, যাৰ ফলত ব্ৰেক যন্ত্ৰ বিকল হয় ৰেলখনৰ।

পৰিণতিত ৬০ জন যাত্ৰী থকা ৰেলখনে ৫০ কিমি বেগেৰে ৩৫ কিমি দূৰ বিপৰীত দিশে পিছুৱাই আহে আৰু ৰেলপথত মাটি পেলাইহে ৰেলখন ৰখোৱা হয় গুচিকন নামৰ ঠাইত।