ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ…

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ।
বহু জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে জনছনে।
উল্লেখ্য যে, বৰিছ জনছনৰ বিৰুদ্ধে ৪০ত কৈ অধিক মন্ত্ৰী আৰু সংসদীয় সচিব থিয় দিছিল।
সকলো নেতাই বিদ্ৰোহৰ ২৪ ঘণ্টাতকৈও কম সময়ৰ ভিতৰতে তেওঁলোকৰ পদৰ পৰা পদত্যাগ কৰে।
যাৰ বাবে এতিয়া, প্ৰধানমন্ত্ৰী বৰিছ জনছনে পদত্যাগ কৰিবলৈ বাধ্য হয়।
"I want you to know how I sad I am to be giving up the best job in the world."
— Channel 4 News (@Channel4News) July 7, 2022
Boris Johnson announces he is resigning as leader of the Conservative Party and will remain as prime minister until a new leader is chosen. pic.twitter.com/khBxnp74KX
প্ৰধানমন্ত্ৰী জনছনক তেওঁৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীসকলে বুধবাৰে সন্ধিয়া ডাউনিং ষ্ট্ৰীটৰ ১০ নং স্থানত থকা প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ গৈ তেওঁক পদত্যাগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল।
বৰিছ জনছনে তেওঁৰ বিৰুদ্ধে যোৱা মন্ত্ৰীসকলক সৈমান কৰিবলৈ আটাইৰে সৈতে পৃথকে পৃথকে মিলিত হৈছিল। যদিও কোনো এজনৰো পৰা ইতিবাচক সঁহাৰি লাভ নকৰিলে।