ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া ডীফ অলিম্পিকলৈ যোগ্যতা অৰ্জন অভিনন্দন গোস্বামীৰ…

ডীফ অলিম্পিকলৈ যোগ্যতা অৰ্জন অভিনন্দন গোস্বামীৰ।

আগন্তুক এপ্ৰিল মাহত ব্ৰাজিলত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন।

লক্ষ্ণৌত অনুষ্ঠিত হোৱা যোগ্যতা অৰ্জন খেলত জয় লাভ কৰি ডীফ অলিম্পিকখনত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অভিনন্দনে।

টাইকোৱাণ্ডোৰ ব্লেক বেল্ট লাভ কৰা অভিনন্দন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মুকবধিৰ ছাত্ৰ।

Image

গুৱাহাটীৰ বিৰুবাৰীস্থিত বধিৰ মহাবিদ্যালয়ৰ ছাত্ৰ অভিনন্দন লোক সংস্কৃতিৰ অন্যতন পৰিচিত মুখ নিৰঞ্জন গোস্বামী আৰু গৌৰী মহন্তৰ একমাত্ৰ সন্তান।

উল্লেখ্য যে, বিশ্বৰ প্ৰায়বোৰ দেশৰ লগতে ভাৰতেও ডীফ অলিম্পিকত খেলুৱৈয়ে লাভ কৰা সফলতাক মূল অলিম্পিকৰ সফলতাৰ সৈতে সম-মান্যতা প্ৰদান কৰিছে।

অভিনন্দনৰ এই সফলতাৰ বাবে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Comment