Mon. Nov 23rd, 2020

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ ঐতিহ্য মণ্ডিত লাচিত ঘাটৰ ব্ৰহ্মপুত্ৰৰ বালিৰ চাপৰিত উদ্ধাৰ বৃহৎ আকৃতিৰ শিৱলংগ।

ষট্ পূজা উপলক্ষে ঘাটৰ চাফাইৰ কামত জড়িত গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মীয়ে আৱৰ্জনাৰ মাজত বালিত পােত গৈ থকা অৱস্থাত এই শিৱ লিংগ উদ্ধাৰ কৰে।

ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ভক্তপ্ৰাণ ৰাইজে শিৱ লিংগটাে প্ৰত্যক্ষ কৰিবলৈ উক্ত ঠাই ভিৰ কৰে।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটী পৌৰ নিগমৰ ১২ জন চাফাই কৰ্মীয়ে লাচিত ঘাটত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ পৰা আৱৰ্জনাসমূহ চাফ চিকুণ কৰি আছিল।

ছাফ চিকুণ কৰি থকাৰ মাজতে পানীৰ তলত এজন চাফাই কৰ্মীৰ ভৰিত কিবা এটা লাগি ধৰে।

লগে লগে চাফাই কৰ্মীজনে বালি খান্দি এটা প্ৰকাণ্ড শিৱ লিংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পিছত গুৱাহাটী পৌৰ নিগমে শিৱ লিংগটো ফাঁচী বজাৰ আৰক্ষী চকীত জমা দিয়ে।