
নিউজ ডেস্কঃ বিয়াৰ উখল-মাখল পৰিৱেশ। হাঁহিৰ কলৰৱে ৰজনজনাই আছিল ৰভাথলী। দৰাৰ ডিঙিত বৰমালা পিন্ধাই লাজে লাজে নিজৰ কোঠাত সোমাইছিল কইনা। মন উগুল-থুগুল। যুগ্ম জীৱনৰ এয়া আৰম্ভণি। মনত দোলা দিছে হাজাৰ সপোনে।
বিয়া ঘৰৰ এই আনন্দৰ মুহূৰ্ততে সংঘটিত হ’ল অঘটন। একপক্ষীয় প্ৰেমৰ পৰিণতিত প্ৰাণ গ’ল কইনাৰ। মুহূৰ্তৰ ভিতৰতে যেন ৰক্তাক্ত হৈ পৰিল ৰভাঘৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মথুৰাত। মথুৰাৰ নৌওঝিল অঞ্চলত বৃহস্পতিবাৰে সম্পন্ন হৈছিল খুৰিৰাম প্ৰজাপতিৰ কন্যা কাজলৰ। বিএছচি অধ্যয়নৰত কাজলৰ দৰা আচিল নয়ডাৰ। যদিও এয়া পৰিয়ালে ঠিক কৰা বিয়া আছিল, বিয়াখনক লৈ যথেষ্ট আনন্দিত আছিল কাজলো।

নিশা প্ৰায় ১ বজাত বৰমালা পিন্ধোৱাৰ ৰীতি-নীতি সম্পন্ন হোৱাৰ পিছতে বান্ধৱী আৰু ভগ্নীয়ে নিজৰ কোঠালৈ লৈ যায় কইনা কাজলক। বিয়াৰ সকলো ৰীতি-নীতি প্ৰায় সম্পন্ন হৈছিলয়েই।
তেনেতে বিবাহথলীত দুই-তিনিজন যুৱকে প্ৰৱেশ কৰি শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। লগে লগে বিয়াঘৰত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। কইনাৰ পৰিয়ালে উদণ্ড যুৱক কেইজনক বাধা প্ৰদান কৰিবলৈ চেষ্টা চলায়। বাহিৰত হুলস্থূল শুনি কইনাৰ কোঠাৰ পৰা ওলাই আহে বান্ধৱী, ভগ্নীসকলো।

আৰু সেই মূহুৰ্তত শুনা যায় গুলীৰ শব্দ। লগে লগে পৰিয়ালৰ সকলো সদস্য কইনাৰ কোঠালৈ দৌৰি যোৱাত ৰক্তাক্ত অৱস্থাত মজিয়াত পৰি থকা দেখে কইনা কাজলক। চুবুৰীয়া ব্যৰ্থ প্ৰেমিক অনীশে কাজলৰ সোঁচকুত গুলী মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
গুৰুতৰভাৱে আহত কাজলক লগে লগে হাস্পতাললৈ নিয়া হয় যদিও হাস্পতাল গৈ পোৱাৰ পূৰ্বেই পিতৃৰ কোলাত শেষ নিশ্বাস ত্যাগ কৰে যুৱতীগৰাকীয়ে।
কাজলৰ পিতৃ খুৰিৰামে জানিবলৈ দিয়া মতে, চুবুৰীয়া অনীশ নামৰ যুৱকজনে বহুদিনৰ পৰা হাৰাশাস্তি কৰি আহিছিল কাজলক।

বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পিছত পাগলৰ দৰে হৈ পৰা অনীশেই বিয়াৰ নিশা ভাতৃ আৰু দুই ভাতৃৰ সহযোগত বিবাহথলীত আক্ৰমণ কৰাৰ লগতে কইনা কাজলক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে পিতৃ খুৰিৰামে।
অনীশৰ হাৰাশাস্তিত অতীষ্ঠ হৈয়েই কাজলক ৪ মাহ পূৰ্বে পালৱালত থকা খুৰীয়েকৰ ঘৰলৈ প্ৰেৰণ কৰিছিল পৰিয়ালে। তাতেই বিয়া ঠিক হোৱাৰ পিছত ২৪ এপ্ৰিলত কাজল ঘৰলৈ উভতি আহিছিল আৰু ২৮ এপ্ৰিলত বিবাহখন সম্পন্ন হৈছিল।
ইফালে ব্যৰ্থ প্ৰেমিক অনীশে কাজলৰ বিয়া ঠিক হোৱাৰ পিছত দৰা মুন্নালালকো ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছে। অৱশ্যে সেই সময়ত স্থানীয় ৰাইজৰ সহযোগিতাত কথা সিমানেই শাম কাটিছিল। কিন্তু বিয়াৰ নিশা যে সি এনে এক কাণ্ড সংঘটিত কৰিব সেয়া সকলোৰে কল্পনাৰ অগোচৰ আছিল।

ইতিমধ্যে কাজলৰ পৰিয়ালে অনীশ, তাৰ ভাতৃ কপিল আৰু দুই বন্ধু ক্ৰমে- সঞ্জু আৰু পাংকুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ পিছতে নৌওঝিল আৰক্ষীয়ে বাজানা কাটৰ পৰা মূল অভিযুক্ত অনীশক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। অভিযুক্তজনৰ পৰা এটা পিষ্টলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনহাতে ঘটনাৰ আন ৩ অভিযুক্ত এতিয়াও পলাতক হৈ আছে।