
নিউজ ডেস্কঃ ব্যৰ্থ প্ৰেমৰ জুইয়ে জ্বলাই নিঃশেষ কৰিলে ৭ জনকৈ লোকক।
প্ৰেমত বিফল হোৱাৰ বাবেই এটা আৱাসী অট্টালিকাত অগ্নিসংযোগ কৰিছিল এজন যুৱকে। যাৰ ফলত অট্টালিকাটোত বাস কৰা ৭জনকৈ লোকে জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাবলগীয়া হয়।
উল্লেখ্য যে, শনিবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হৈছিল এক শোকাবহ ঘটনা। ইন্দোৰৰ স্বৰ্ণবাগ কলনীৰ এটা অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত পুৱতি নিশা শুই থকা অৱস্থাতে মৃত্যুমুখত পৰিছিল ৭ জনকৈ লোকে।
এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল আন বহু কেইজন লোক।

আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱাৰ সন্দেহ কৰিছিল যদিও পৰৱৰ্তী অনুসন্ধানৰ পিছত বিস্ফোৰক দাবী উত্থাপন কৰিছে আৰক্ষীয়ে।
এই অগ্নিকাণ্ড ষড়যন্ত্ৰমূলকভাৱে সংঘটিত কৰাৰ দাবী তুলি আৰক্ষীয়ে ইতিমধ্যে চিচি টিভি ফুটেজৰ ওপৰত ভিত্তি কৰি সঞ্জয় ওৰফে শুভম দীক্ষিত নামৰ এজন যুৱকক চিনাক্ত কৰিছে।
আৰক্ষীৰ মতে, সঞ্জয় নামৰ যুৱজনে অট্টালিকাৰ তলত ৰখাই থোৱা এখন স্কুটীত অগ্নিসংযোগ কৰিছিল। যাৰ ফলত এই জুই বিয়পি পৰি এক ভয়ংকৰ অগ্নিকাণ্ডৰ ৰূপ লয়।

জানিব পৰা মতে, অভিযুক্ত সঞ্জয় প্ৰকৃততে ঝান্সিৰ বাসিন্দা যদিও ইন্দোৰত থাকি এটা কোম্পানীত কাম কৰি আহিছে। যিটো ঘৰত অগ্নিকাণ্ড সংঘটিত হৈছিল সেই ঘৰটোতে এসময়ত ভাড়াতীয়া হিচাপে আছিল সঞ্জয়ো। আৰু সেই সময়তে তেওঁক কোঠাৰ ওচৰৰ এগৰাকী যুৱতীৰ সৈতে সঞ্জয়ৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক।
Indore Fire Accident: इंदौर में भीषण अग्निकांड, 7 लोगों की मौत, मृतकों के परिजनों को 4-4 लाख रुपये आर्थिक सहायता देगी सरकार#Indore #indorefireaccident @OfficeofSSC @IndoreCollector pic.twitter.com/RPqlDCjoqV
— Amit Singh 🇮🇳 (@KR_AMIT007) May 7, 2022
প্ৰায় ৬ মাহ পূৰ্বে সঞ্জয়ে ঘৰটো এৰি অন্য ঠাইত ভাড়াতীয়া হিচাপে থাকিবলৈ লয় যদিও প্ৰায়ে স্বৰ্ণবাগ কলনীৰ এই ঘৰটোলৈ আহিছিল যুৱকজনে।
ইয়াৰ মাজতে এদিন প্ৰেয়সী যুৱতীগৰাকীৰ বিয়াৰ কথা চলি থকাৰ বিষয়ে জানিব পৰাত দুয়োৰে মাজত তুমুল কাজিয়া লাগে।
इंदौर अग्निकांड का आरोपित गिरफ्तार, टीवी पर न्यूज देखकर चौका,बोला बहुत बड़ा कांड कर डाला https://t.co/yWjKw7HOlw#IndoreFire #Indore #MadhyaPradesh #MPNews pic.twitter.com/saPzBV9gds
— NaiDunia (@Nai_Dunia) May 8, 2022
খবৰ অনুসৰি, যুৱতীগৰাকীৰ সৈতে কাজিয়া লগাৰ পিছতে সঞ্জয়ে অট্টালিকাৰ তলত ৰথাই থোৱা যুৱতীগৰাকীৰ স্কুটীখনত জুই লগাই দিয়ে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
এই অগ্নিকাণ্ডত অট্টালিকাটোৰ ৭জন আৱাসীৰ মৃত্যু ঘটে যদিও সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যুৱতীগৰাকীৰ। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীৰ ভাষ্য আৰক্ষীয়ে ইতিমধ্যে গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

ইফালে আৰক্ষীয়ে অভিযুক্ত সঞ্জয়ক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে। ইতিমধ্যে সঞ্জয়ে স্কুটীখনৰ জুই লগােৱাৰ কথা স্বীকাৰ কৰিছে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল