ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকৰ গাড়ীক ঘেৰি ধৰিলে দুই প্ৰকাণ্ড বনৰীয়া হাতীয়ে! ম’বাইলত বন্দী শিহৰণকাৰী দৃশ্য

March 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পৰ্যটকৰ গাড়ীক খেদি গ’ল দুটা প্ৰকাণ্ড হাতীয়ে। সেই দৃশ্য দেখি বুকু কঁপি উঠিল পৰ্যটকৰ। সৌভাগ্যক্ৰমে চালকৰ দক্ষতাত সেই ভয়ংকৰ পৰিস্থিতিত পৰ্যটকৰ জীৱন ৰক্ষা পৰে যদিও সেই সম্ভাৱ্য দুৰ্ঘটনা বুকুত সোমাই পৰিল পৰ্যটকৰ।

সেই দৃশ্য সোমবাৰৰ কৰ্ণাটকৰ এখন বনাঞ্চলৰ। এই দৃশ্য বন্দী হয় পৰ্যটকৰ কেমেৰাত আৰু এই ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে।

দৃশ্যটোত দেখা অনুসৰি, ঘন জংঘলৰ মাজেৰে গৈ আছে পৰ্যটকৰ বাহনখন। তেনেতে পথত দেখা পালে এটা প্ৰকাণ্ড হাতী। পথৰ মাজতে প্ৰকাণ্ড হাতী দেখি গাড়ী ৰখাই দিলে চালকে। বিশাল আকাৰৰ হাতী দেখি আনন্দতে আত্মহাৰা হ’ল পৰ্যটকৰ দলটো। পৰ্যটকৰ চিঞৰ শুনি ভয়তে হাতীটোৱে ললে ভয়ংকৰ ৰূপ। খেদি আহিল পৰ্যটকৰ গাড়ীখন। পৰিস্থিতি দেখি চালকে দ্ৰুতগতিৰে চলাবলৈ আৰম্ভ কৰিলে গাড়ী। গাড়ীৰ পিছে পিছে খেদি আহে হাতীয়ে।

কিছুদূৰ দৌৰি ৰৈ দিয়ে হাতীটো। ঠিক তেনেতে চালকে দেখে যে গাড়ীৰ সন্মুখত আৰু এটা প্ৰকাণ্ড হাতী। সেই হাতীটোৱে অৱশ্যে খেদি নাহে গাড়ীখন। কিন্তু গাড়ীৰ আগেৰে গৈ থাকে সি। আৰু হাতীটোক খেদি গাড়ীয়ো গৈ থাকে লাহে লাহে।

কিছুদূৰ গৈ সেইটো হাতীয়ো পথৰ মাজত ৰৈ দিয়ে, কিন্তু চালকে গাড়ীৰ এক্সেলেটৰ বহাই শব্দ ডাঙৰ কৰি ভয় খুৱাই তাক। সেই অনুসৰি কিছু দূৰ গৈ জংঘলৰ মাজলৈ সোমাই যায় হাতীটো। অৱশ্যে আৰু কেইটামান হাতী পথটোৰ কাষতে ৰৈ থকাও দেখা পোৱা যায়। যেন এক নিশ্চিত মৃত্যুৰ দুৱাৰডলিৰ পৰা ঘূৰি আহিল দলটো।

ঘটনা সন্দৰ্ভত কৰ্ণাটকৰ বন বিভাগৰ জ্যেষ্ঠ বিষয়াই কয় যে, বেংগালুৰুৰ পৰা ১৭৫ কিমি নিলগৰ মাইচৰ জিলাৰ বি আৰ পাৰ্বত্য বনাঞ্চলত এই ঘটনাটো সংঘটিত হয়। বন বিভাগে আয়োজন কৰা চাফাৰি ভ্ৰমণলৈ সোমবাৰে আহিছিল সেই পৰ্যটকৰ দলটো। যিটো দল সন্মুখীন হয় এনে ঘটনাৰ।

মুখ্য বন সংৰক্ষক মনোজ কুমাৰে কয় যে, অলপতে এটা হাতী পোৱালি পৰ্যটন মণ্ডলটোত জন্ম হৈছিল। সম্ভৱত সেই হাতী পোৱালিটোক সুৰক্ষা দি আছিল হাতীৰ জাকটোৱে। সেয়েহে এই ঘটনাৰ সন্মুখীন হয় পৰ্যটকৰ দলটো।
দুয়োফালৰ পৰা হাতীয়ে খেদি অহা দেখিও গাড়ীৰ চালকজনে কোনো ভয় কৰা নাছিল। তেওঁ চিন্তা কৰিছিল কেৱল পৰ্যটক সকলৰ জীৱন ৰক্ষাৰ বাবে।

সামাজিক মাধ্যমত চালকৰ বুদ্ধি আৰু দক্ষতাক প্ৰশংসা কৰিছে সকলোৱে। এই ঘটনাৰ পিছতেই হাতীৰ জাকটো সেই স্থানৰ পৰা ঘূৰি নোযোৱা পৰ্যন্ত এনে ভ্ৰমণ বাতিল কৰিবলৈ উপ বন সংৰক্ষকক নিৰ্দেশ দিছে বিভাগীয় কৰ্তৃপক্ষই।

লগতে চাওকঃ

দুখীয়াৰ ভগৱান চনু সুদলৈ ব্যক্তিগত খণ্ডৰ বিমান কােম্পানীৰ ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপন!

২੦੦৪ চনৰ বিধ্বংসী চুনামীত ‘মৃত’ বুলি ঘােষিত আৰক্ষী বিষয়াক ১৬ বছৰৰ মূৰত জীৱন্তে উদ্ধাৰ!

মৰ্মান্তিক! বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত কইনাৰ মাতৃ-আইতাসহ ৪ জনৰ মৃত্যু

অযােধ্যাৰ ৰাম মন্দিৰৰ বাবে ‘ৰাৱণ’ৰ শ্ৰী’লংকা’ৰ পৰা ভাৰতলৈ আহিল এক বিশেষ শিলাখণ্ড!