ব্যতিক্ৰম! বিদ্যালয়ত শিক্ষকৰ ৰূপত ছাত্ৰ-ছাত্ৰীক পাঠদান লংকা থানাৰ OC বিজয়া দাসৰ…

নিউজ ডেস্কঃ শিক্ষকৰ ৰূপত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিলে এগৰাকী আৰক্ষী বিষয়াই।

হোজাই জিলাৰ লংকাত বিদ্যালয়ৰ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰে লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয়া দাসে।

লংকা পাব্লিক হায়াৰ ছেকণ্ডাৰী স্কুলত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ব্যক্তিগত সুৰক্ষাৰ ওপৰত পাঠদান কৰে অচি বিজয়া দাসে।

নেশ্যনেল স্কীল অৱ কোৱালিফিকেশ্যন ফ্ৰেম ৱৰ্কৰ অধীনত ভোকেশ্যনেল পাঠ্যক্ৰমৰ অতিথি বক্তা হিচাপে বিদ্যালয়খনত উপস্থিত থাকে আৰক্ষী বিষয়া বিজয়া দাস।

আৰক্ষী বিষয়াগৰাকীৰ এই পদক্ষেপক প্ৰশংসা কৰিছে সকলোৱে।