
নিউজ ডেস্ক। ব’হাগ বিহুক লৈ উলহ-মালহ সমগ্ৰ ৰাজ্যত।
চৌদিশে ঢােল-পেঁপাৰ মাতত ৰজনজনাইছে ৰাজ্যৰ আকাশ-বতাহ।
তাৰ মাজতে নিজৰ কৰ্মব্যস্ততাকাে নেওচি কৰ্তব্যস্থলীতে বিহু উদযাপন কৰিছে বিভিন্নজনে।

বিশেষকৈ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত থকা ভাৰতীয় তেল নিগমৰ তেল ডিপােত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।

জাতীয় সাজ-পােছাক পিন্ধি নিজৰ দায়িত্ব সম্পাদন কৰিলে তেল ডিপােত কৰ্মৰত পুৰুষ-মহিলা কৰ্মচাৰীসকলে।

কেৱল গুৱাহাটী মহানগৰীতে নহয়, গােৱালপাৰা, ধুবুৰী, বঙাইগাঁও, কামৰূপৰ লগতে ৰাজ্যৰ অন্যান্য জিলাসমূহতাে এনে দৃশ্য প্ৰত্যক্ষ কৰা হয়।
চাওক তেনে কিছুমান দৃশ্যঃ




