fbpx
অসমঅসমীয়া

ব্যতিক্ৰমী দৃশ্য! অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে অভিভাৱকৰ হেতাওপৰা

নিউজ ডেস্ক। আজিকালি চৰকাৰী স্কুল বুলি ক’লেই অভিভাৱকৰ মন টেঙায়। স্বাভাৱিকতে চৰকাৰী স্কুলৰ পয়ালগা শিক্ষা ব্যৱস্থাই ইয়াৰ মূল কাৰণ। শোচনীয় শিক্ষা ব্যৱস্থা আৰু পৰিৱেশৰ বাবে এতিয়া ধনীয়েই হওক বা দুখীয়া, প্ৰতিগৰাকী অভিভাৱকৰে প্ৰথম পচন্দ হৈ পৰিছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান।

সেয়ে এতিয়া চৌদিশে শেলুৱৈৰ দৰে গজি উঠিছে অলেখ ব্যক্তিগত শিক্ষানুষ্ঠান।

কিন্তু ইয়াৰ মাজতো শিৱসাগৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।

এইখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে যোৱা দুদিন ধৰি অপেক্ষা কৰিছে অসংখ্য অভিভাৱকে।

G1 34

সোমবাৰে পুৱা ১০ বজাত বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰ খুলি দিয়াৰ পিছতে নিজৰ সন্তানটোৰ বাবে বিদ্যালয়ৰ প-পত্ৰ সংগ্ৰহৰ বাবে হেতাওপৰা লাগিছে অভিভাৱকৰ।

শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত দুখীয়া স্কুল নামেৰে খ্যাত ১নং টাউন প্রাথমিক বিদ্যালয়ত প্ৰথম শ্ৰেণীত নামভৰ্তিৰ বাবে লাগিছে অভিভাৱক হেতাওপৰা। যোৱা দুদিনৰ পৰাই বিদ্যালয়খনৰ বাহিৰত বাহৰ পাতিছে অনেক অভিভাৱকে।

p1 16

স্কুল কৰ্তৃপক্ষই জনোৱা মতে, প্ৰাথমিক বিদ্যালয়খনত মাত্র ৬০জন ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তিৰ ব্যৱস্থা আছে। সোমবাৰে পুৱা ১০ বজাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰে প-পত্ৰ। যাৰ বাবে এই ৬০ খন আসনৰ মাজত নিজৰ সন্তানটোৰ বাবেও এখন আসন সুৰক্ষিত কৰিবলৈ বিদ্যালয়খনৰ বাহিৰত ভিৰ কৰিছে অভিভাৱকে। আনকি অনেক অভিভাৱকে ৪৮ ঘণ্টা ধৰি লঘোণে-ভোকে বিদ্যালয়খনৰ সন্মুখতে অপেক্ষা কৰিছে। বহুতে আকৌ নিশাটোও বিদ্যালয়ৰ বাহিৰতে পাৰ কৰিছে।

p3 10

১৮৮২ চনত স্থাপিত ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ বৰ্তমান প্রধান শিক্ষকৰ দায়িত্বত আছে গৌতম বৰা। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু আন আন শিক্ষকসকলে মিলি গঢ়ি তোলা শৈক্ষিক পৰিৱেশৰ বাবেই এতিয়া সকলোৰে বাবে সপোনৰ বিদ্যালয় হৈ পৰিছে ১নং টাউন প্রাথমিক বিদ্যালয়।

শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বৰ্ডিং ৰোডত অৱস্থিত এই বিদ্যালয়খনতে অধ্যয়ন কৰা ১১ গৰাকীকৈ ছাত্ৰই অসম সাহিত্য সভাৰ সভাপতি ৰূপে নির্বাচিত হোৱাৰ লগতে দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ আসন শুৱনি কৰি আহিছে। সেইবাবে প্ৰত্যেক বছৰে নামভৰ্তিৰ সময়ত বিদ্যালয়খনৰ বাহিৰত অভিভাৱকৰ এনেদৰে ভিৰ বৃদ্ধি পাই গৈ আছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!