অসম

ব্যক্তিগত মাদ্ৰাছাবোৰত গোপনে জেহাদীৰ প্ৰশিক্ষণ দিয়া হয়ঃ শিলাদিত্য দেৱ…

পুনৰ মাদ্ৰাছাক লৈ বিস্ফোৰক মন্তব্য কৰিছে হোজাইৰ প্ৰক্তন বিজেপি বিধায়ক শিলাদিত্য দেৱে।

নগাঁৱত সদৌ অসম বাঙালী পৰিষদৰ কাৰ্যনিৰ্বাহকত উপস্থিত থাকি কেটবোৰ বিস্ফোৰক মন্তব্য কৰে শিলাদিত্যই।

শিলাদিত্যই কয়, ‘গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা বৰ্তমান বাংলাদেশী মুছলমানৰ দখলত। বৃহত্তৰ হিন্দু সমাজ একলগ হ’লে বটদ্ৰৱা পুনৰ উদ্ধাৰ হ’ব। নগাঁও-মৰিগাঁৱত বৃহৎ হাঁৰত বাংলাদেশী মুছলমানে বাস কৰিছে। নগাঁও-মৰিগাঁৱৰ ভিতৰুৱা অঞ্চলত জেহাদীৰ সংখ্যা বাঢ়িছে।

লগতে তেওঁ কয়- NRCত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতে বাংলাদেশী মুছলমানৰ দপদপনি বাঢ়িছে। নগাঁও জেইলত ৯০শতাংশ বাংলাদেশী মুছলমান অপৰাধী আছে। কোবাইকটা, আলিপুখুৰী আদি সত্ৰত অসমীয়া মানুহে নিৰাপত্তাহীনতাত ভূগিছে।

ব্যক্তিগত মাদ্ৰাছাবোৰত গোপনে জেহাদৰ প্ৰশিক্ষণ দিয়া হৈছে বুলি মন্তব্য কৰি প্ৰক্তন বিধায়কগৰাকীয়ে কয়- ব্যক্তিগত মাদ্ৰাছাসমূহক চৰকাৰে শীঘ্ৰেই নিয়ন্ত্ৰণ কৰিব লাগে লাভ জেহাদৰ জৰিয়তেও মুছলমানে জনসংখ্যা বৃদ্ধিৰ চেষ্টা চলাইছে।

Related Articles

Back to top button