Fri. Jan 15th, 2021

নিউজ ডেস্ক। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ (৮৬) দেহাৱসান।

GMCH ত সন্ধিয়া ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ।

ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল গগৈ।

জিএমচিএইচত চিকিৎসাধীন গগৈৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছিল এইমছৰ বিশেষজ্ঞ চিকিৎসকেও।

কিন্তু সকলোখিনি প্ৰচেষ্টাক বিফল কৰি গগৈয়ে সম্বৰণ কৰে ইহলীলা।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে তৰুণ গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটনাত নিজৰ সকলাে চৰকাৰী কাৰ্যসূচী বাতিল কৰে।

তেওঁ ডিব্ৰুগড়ৰ পৰা পুনৰ বিমানেৰে গুৱাহাটীত উপস্থিত হয়।

তৰুণ গগৈৰ মৃত্যুৰ আনুষ্ঠানিক ঘােষণাৰ পাছতে জিএমচিএইছত উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

টুইটাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণাৱালৰ মন্তব্যঃ

কেইদিনমান আগলৈকে সপ্ৰতিভ হৈ থকা মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী, মোৰ পিতৃসম তৰুণ গগৈ ডাঙৰীয়াৰ দেহাৱসানত অতিকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ সহজ-সৰল ব্যক্তিত্ব আৰু অক্লান্ত কৰ্মস্পৃহাই কেৱল অসমৰে নহয়, দেশৰে ৰাজনীতিৰ পথাৰত এক শক্তিশালী চানেকি দেখুৱাই থৈ গ’ল।পৰম শ্ৰদ্ধাৰ গগৈ ডাঙৰীয়াৰ বিয়োগ মোৰ বাবে এক ব্যক্তিগত ক্ষতি। এইগৰাকী মহীৰূহৰ প্ৰস্থানে অসমৰ ৰাজনীতিত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।এই শোকস্তব্ধ মুহূৰ্তত তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ আৰু বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।ঔঁ শান্তি

অসম চৰকাৰে তৰুণ গগৈৰ মৃত্যুত তিনিদিনীয়া ৰাজিক শােক পালনৰ কথা ঘােষণা কৰিছে।

উল্লেখ্য যে যোৱা ২২ আগষ্টত ক’ভিড-১৯ পজিটিভ হয় তৰুণ গগৈ, প্ৰায় ২ মাহ হাস্পতালত থকাৰ অন্তত দুৰ্গাপূজাৰ মাজতে ৰিলিজ দিয়া হৈছিল গগৈক।

কিন্তু স্বাস্থ্য পুনৰ বেয়া হোৱাত পূজাৰ ১০ দিনৰ পাছত জি এম চি এইচত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।