অসমীয়াঅসম

ব্যক্তিগত বিদ্যালয়ৰ ফলাফলৰ সৈতে চৰকাৰী বিদ্যালয়ৰ তুলনা নহয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ২০২২বৰ্ষৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৫৬১০৭জন পৰীক্ষাৰ্থী। সেইদৰে বিজ্ঞান শাখাত অৱৰ্তীণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩৩৫৩৪ গৰাকী আৰু বাণিজ্য শাখাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ১৫১৯৯গৰাকী।

চলিত বৰ্ষৰ পৰীক্ষাত কলা শাখাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৩.৪৮ শতাংশ। বিজ্ঞান শাখা আৰু বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰ হৈছে ক্ৰমে- ৯২.১৯ শতাংশ আৰু ৮৭.২৭ শতাংশ।

লক্ষণীয়ভাৱে অইন বছৰৰ দৰে এইবাৰো পৰীক্ষাৰ ফলাফলত দপদপাবলৈ সক্ষম হ’ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে।

পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰে বাৰ্তালাপ কৰি পৰীক্ষাত উত্তীৰ্ণ সকলক শুভকামনা জ্ঞাপন কৰে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলে ভৱিষ্যতলৈ পিতৃ-মাতৃ, পৰিয়াল তথা ৰাজ্যখনলৈ মংগল কঢ়িয়াই আনিব বুলিও আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে ফলাফলত ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ জয়জয়কাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল ভাল হ’বই। কিয়নো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সংখ্যা কম।

যিসকল ছাত্ৰ-ছাত্ৰী আৰ্থিকভাৱে দুৰ্বল বা যি সকলৰ অভিভাৱকে নিজৰ সন্তানক ঘৰত পঢ়ুৱাব নোৱাৰে তেওঁলোকেহে চৰকাৰী খণ্ডৰ বিদ্যালয়ত সন্তানক পঢ়ুৱায় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। সেইবাবেও চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল ভাল হয় বুলি মন্তব্য কৰে তেওঁ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ব্যক্তিগত বিদ্যালয়ৰ ৰিজাল্টৰ সৈতে আমাৰ ৰিজাল্ট তুলনা কৰাৰ প্ৰয়োজন নাই। দিল্লীত গ’লেও ব্যক্তিগত বিদ্যালয়ৰ ফলাফল চৰকাৰী বিদ্যালয়তকৈ ভাল হ’বই। ইয়াৰ তুলনা ক’তো নহয়।’

চৰকাৰী বিদ্যালয়ত সকলোকে সমানে চাবলগীয়া হয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে চৰকাৰী বিদ্যালয়ত ক’ৰবাত দুজনে ৰিজাল্ট ভাল কৰিব, ক’ৰবাত এজনে বেয়া কৰিব। কিন্তু ভাল কৰা জনকো আৰু বেয়া কৰা জনকো সমানে গুৰুত্ব দিব লাগিব।

Related Articles

Back to top button