বৈদ্যুতিক বাহন নিৰ্মাণ প্ৰতিষ্ঠানৰ তৃতীয় মহলাৰ পৰা তলত পৰিল বৈদ্যুতিক বাহন, ২ জন নিহত

নিউজ ডেস্ক। চীনৰ আগশাৰীৰ বৈদ্যুতিক গাড়ী নিৰ্মাতা নিঅ’ৰ ছাংহাইস্থিত মুখ্য কাৰ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।

বৃহস্পতিবাৰে এখন বৈদ্যুতিক বাহন কোম্পানীটোৰ মুখ্য কাৰ্যালয়ৰ তৃতীয় মহলাৰ পৰা তললৈ বাগৰি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হয়।

কোম্পানীটোৰ তৰফৰ পৰা শুক্ৰবাৰে জনোৱা মতে ঘটনাটোত নিহত লোক দুজন বৈদ্যুতিক গাড়ীৰ পৰীক্ষাৰ লগত জড়িত আছিল।

p01 1
বৈদ্যুতিক বাহন নিৰ্মাণ প্ৰতিষ্ঠানৰ তৃতীয় মহলাৰ পৰা তলত পৰিল বৈদ্যুতিক বাহন, ২ জন নিহত 2

কোম্পানীটোৱে এটা বিবৃতি যোগে ঘটনাটোৰ তদন্ত কৰা হৈছে বুলিও উল্লেখ কৰিছে।

চীনৰ স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে আবেলি প্ৰায় ৫:২০ বজাত এই ঘটনাটো সংঘটিত হয়। নিঅ’ৰ কৰ্তৃপক্ষই জনোৱা মতে চৰকাৰী বিষয়াসকলৰ সহযোগত ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে।

অৱশ্যে এই দুৰ্ঘটনাটো গাড়ীৰ বিজুতিৰ ফলত হোৱা নাছিল বুলিও কোম্পানীটোৰ ফালৰ পৰা উল্লেখ কৰা হৈছে।

কোম্পানীটোৰ ফালৰ পৰা কোৱা হয় যে , “আমি ঘটনাটোত গভীৰভাৱে দুখিত। আমি নিহত দুজন কৰ্মচাৰীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ এখন আলোকচিত্ৰ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

ছবিখনত দেখা যায় যে গাড়ীখন সম্পূৰ্ণৰূপে বিধস্ত হৈ গৈছে।

একে সময়তে, কোম্পানীটোৱে ” এই মৃত্যু এটা দুৰ্ঘটনা আৰু গাড়ীখনৰ কোনো দোষ নাই” বুলি দিয়া মন্তব্যৰ বাবে বহুতো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী ক্ষুব্ধ হৈ পৰে।

তেওঁলোকৰ বহুতেই এই কথাৰ বাবে কোম্পানীটোক তুলা ধুনা কৰে।

লগতে এই ঘটনাটো ৰাজহুৱা সুৰক্ষা ব্যুৰোৰ দ্বাৰা তদন্ত কৰাৰো দাবী জনাই।

উল্লেখযোগ্য যে নিঅ’ কোম্পানীটো চীনৰ বৈদ্যুতিক বাহন উদ্যোগৰ এটা আগশাৰীৰ উদ‍্যোগ।