Skip to toolbar
Mon. Sep 21st, 2020

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

ৰাজ্যত পুনৰ ১০ গৰাকী লোকৰ প্ৰাণ ল’লে কৰ’ণাই।

মৃত্যু হোৱা লোক দহ গৰাকীৰ ভিতৰত তিনিচুকীয়াৰ গৌৰি গগৈ(৫৮), কাৰ্বি আংলং জিলাৰ ব্ৰিতেন্দ্ৰ দৈমাৰী(৫৬), কামৰূপ মহানগৰ জিলাৰ কলম ৰঞ্জন দত্ত(৭৮), বিনায়ক প্ৰসাদ চৰফ(৭৪), বিথি শৰ্মা(৭৮) আৰু যোগেশ্বৰ গগৈ(৫২), বৰপেটা জিলাৰ জ্যোতিশ তালুকদাৰ(৫০),উত্তৰ লখিমপুৰৰ মহাবীৰ প্ৰসাদ শৰ্মা(৬০), ডিব্ৰুগড় জিলাৰ চন্দ্ৰ প্ৰভা দাস(৭৩) আৰু এলিজা বেগম(৭০)।

বৰ্তমানলৈ ৰাজ্যত কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা ৪৯২ গৰাকীলৈ বৃদ্ধি পাইছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰাৰ লগতে মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে, সোমবাৰৰ দিনটোতো ৰাজ্যত মুঠ ১৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।