Skip to toolbar
Mon. Sep 21st, 2020

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

এইবাৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ সাংসদ বি দুৰ্গা প্ৰসাদ ৰাওয়ে।

YSR কংগ্ৰেছৰ লোকসভাৰ সাংসদ আছিল বল্লি দুৰ্গা প্ৰসাদ ৰাও।

চেন্নাইৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল সাংসদগৰাকী।

Image

সাংসদ দুৰ্গা প্ৰসাদৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে।

লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰি টুইটাৰত লিখিছে- ‘তেওঁ এজন অভিজ্ঞ নেতা আছিল। অন্ধ্ৰপ্ৰদেশৰ উন্নতিত তেওঁৰ বহু অৱদান আছে…।’