বেদ অধ্যয়নৰে লাভ কৰিব পাৰিব ডিগ্ৰী! কামাখ্যা দেৱালয়সহ দেশত স্থাপন কৰা হ’ব ৫ খন বৈদিক শিক্ষাৰ বিদ্যাপীঠ

নিউজ ডেস্কঃ শিক্ষা ব্যৱস্থা আৰু পাঠ্যক্ৰম সলনি কৰি মোডী চৰকাৰে শিক্ষাৰ গেৰুৱাকৰণ কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰি অহাৰ সময়তে এইবাৰ বৈদিক শিক্ষাৰ প্ৰত্যক্ষ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে বৈদিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এখন বেদ-আধাৰিত শিক্ষা পৰিষদো গঠন কৰাৰো ঘোষণা কৰিছে।

চৰকাৰী এক সূত্ৰই সদৰী কৰা মতে, এই বৈদিক বোৰ্ডে আন বোৰ্ডৰ দৰে কাম কৰিব। সংস্কৃত ভাষা বিশেষজ্ঞ আৰু বৈদিক গণিতজ্ঞ নতুন বোৰ্ড গঠনৰ প্ৰক্ৰিয়াৰ দায়িত্বত থাকিব।

Maharshi Sandeepani Rashtriya Veda Vidya Pratishthan - yujyate

উল্লেখ্য যে, বৰ্তমান কোনো স্বীকৃত বোৰ্ডৰ সময়ত বৈদিক অধ্যয়ন কৰাৰ কোনো সুযোগ নাই। মন্ত্ৰালয়ে বৈদিক অধ্যয়ন কৰিবলৈ ইচ্ছুক সকলক সুযোগ প্ৰদান কৰিব বিচাৰে। য’ত শিক্ষাৰ্থীয়ে আন বোৰ্ডৰ দৰেই ডিগ্ৰী লাভ কৰিব পাৰিব।

যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ভাৰতৰ পৰম্পৰাগত বৈদিক ব্যৱস্থাক আধুনিক শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত কৰিব বিচাৰিছে। ইয়াৰ এটা উদ্দেশ্য হৈছে আধুনিক সমাজত বেদৰ প্ৰাসংগিকতা বজাই ৰখা।

প্ৰণিধানযোগ্য যে, বৰ্তমান মহৰ্ষি সন্দীপনী প্ৰতিষ্ঠানে ৬ হাজাৰ শিক্ষাৰ্থীক বৈদিক শিক্ষা প্ৰদান কৰি আহিছে। কিন্তু কেন্দ্ৰই এখন পৰিষদ গঠন কৰি এই শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে।

A Guide to Chhota Char Dham Yatra | Kedarnath Badrinath Yatra | | Leisure  Hotels
বেদ অধ্যয়নৰে লাভ কৰিব পাৰিব ডিগ্ৰী! কামাখ্যা দেৱালয়সহ দেশত স্থাপন কৰা হ’ব ৫ খন বৈদিক শিক্ষাৰ বিদ্যাপীঠ 4

এই সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়, “বৰ্তমান যুগত বেদক প্ৰাসংগিক কৰি তুলিবলৈ মন্ত্ৰালয়ে বৈদিক শিক্ষা পৰিষদ গঠন কৰিব। বেদ হৈছে ভাৰতীয় সংস্কৃতিৰ ভেটি।”

কেন্দ্ৰই বৰ্তমানৰ বাবে ৫ খন বৈদিক শিক্ষাৰ বিদ্যাপীঠ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ নেতৃত্ব দিব মহৰ্ষি সন্দীপনী সংস্থানে। বিদ্যাপীঠ কেইখন স্থাপন কৰা হ’ব চাৰি ধামৰ লগতে অসমৰ প্ৰসিদ্ধ কামাখ্যা মন্দিৰত।

File:Maa Kamakhya temple.jpg - Wikimedia Commons

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কি বাত’ অনুষ্ঠানত বৈদিক শিক্ষাৰ বিষয়টো উত্থাপন কৰিছিল।

Leave a Comment