নিউজ ডেস্কঃ ঠগ কবিৰাজৰ কবলত পৰি পুুনৰ ৰাজ্যত সৰ্বস্ৰান্ত হ’ল এটা পৰিয়াল।
এইবাৰ ঘটনাৰ স্থান বাগসা জিলাৰ লাবদাংগুৰী আৰক্ষী চকীৰ অন্তৰ্গত মইনামাতা গাঁও।
বেমাৰ ভাল কৰাৰ চলেৰে ঠগ কবিৰাজে গাঁওখনৰ এটা পৰিয়ালৰ পৰা লুটি লৈ গ’ল সোণৰ অলংকাৰ।
জানিব পৰা মতে, মইনমাতা গাঁৱৰ জ্যোতিষ গয়াৰী আৰু ৰীণা গয়াৰীৰ ঘৰত যোৱা ১০ ফেব্ৰুৱাৰীত প্ৰৱেশ কৰে দুজন ঠগ কবিৰাজ।
সেই সময়ত ঘৰত নাছিল কোনো পুৰুষ সদস্য।
বেমাৰ-আজাৰ ভাল কৰাৰ কথা গৈ জ্যোতিষ গয়াৰীৰ পত্নী ৰীণা গয়াৰীক ঘৰত সোণ আছে নেকি বুলি প্ৰশ্ন কৰে কবিৰাজ দুজনে।
বেজৰূপী চক্ৰৰ হাতত সোণখিনি দিয়াৰ লগে লগে বেজৰূপী লোক দুজনে সোণখিনি জৰা-ফুকা কৰিবলৈ লয় আৰু মহিলাগৰাকী ঘৰৰ পৰা এমুঠি চাউল আনিবলৈ কয়।
কিন্তু মহিলাগৰাকীয়ে চাউল আনিবলৈ ভিতৰলৈ যাওতেই অতি কৌশলেৰে আচল সোণখিনি সলনি কৰি লয় প্ৰৱঞ্চক দুজনে।
বেজৰূপী লোক দুজন উক্ত ঠাইৰ পৰা প্ৰস্থান কৰাৰ পাছত সোণ পৰিৱৰ্তন কৰাৰ কথাটো পোহৰলৈ অহাত ঘৰখনত হুৱাদুৱাৰ সৃষ্টি হয়।
ইমান সময় লোক দুজন সেই অঞ্চলটোৰ পৰাই অন্তৰ্ধান হয়।