বেজী নহয়, এতিয়া নাকেৰে ল’ব পাৰিব কোভিডৰ বুষ্টাৰ ড’জ! অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ…

নিউজ ডেস্কঃ সমগ্ৰ বিশ্বত পুনৰ এবাৰ দেখা দিছে কোৰোনা ভাইৰাছৰ আতংকই।

চীনত কোভিড সংক্ৰমণ বৃদ্ধিৰ লগে লগে সতৰ্ক হৈ পৰিছে ভাৰতো।

ইতিমধ্যে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ জনতাক আহ্বান জনোৱাৰ লগতে বিমান বন্দৰত কোভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ পিছতে জনোৱা হয় এই আহ্বান।

ইয়াৰ মাজতে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে অনুমোদন জনায় CoWINৰ ন’জেল কোভিড ভেকচিনৰ।

যাৰ ফলত এতিয়া বেজীৰে নহয়, বৰং নাকেৰে কোভিড ভেকচিন ল’ব পাৰিব দেশবাসীয়ে।

জানিব পৰা মতে, ব্যক্তিগত কেন্দ্ৰত উপলব্ধ হ’ব এই ন’জেল কোভিড ভেকচিন।

হায়দৰাবাদস্থিত কোম্পানীটোৱে পূৰ্বে প্ৰকাশ কৰা অনুসৰি iNCOVACC নামৰ এই ভেকচিনটো হৈছে কভিডৰ প্ৰাথমিক ২ ড’জ সূচী আৰু হেটেৰ’ল’গাছ বুষ্টাৰ ড’জৰ অনুমোদন লাভ কৰা বিশ্বৰ প্ৰথমটো ইনট্ৰানেজেল ভেকচিন।

ভেকচিন নিৰ্মাতা প্ৰতিষ্ঠানটোৱে এক বিবৃত্তিত প্ৰকাশ কৰা মতে, নিয়ন্ত্ৰিত ক্লিনিকেল ট্ৰায়েলত BBV154 নিৰাপদ, উপযোগী আৰু ইমিউন’জেনিক বুলি প্ৰমাণিত হৈছে।

উল্লেখ্য যে, ভাৰতে ২২.৩৫ কোটি পৰ্যন্ত বুষ্টাৰ ড’জ প্ৰদান কৰিছে, যিটো মুঠ যোগ্য জনসংখ্যাৰ ২৭ শতাংশ।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰথম আৰু দ্বিতীয় ড’জ প্ৰদানৰ হাৰ বৰ্তমান ক্ৰমে ৯৭ শতাংশ আৰু ৯০ শতাংশ।