বৃহৎ সফলতা! ১৬ কোটি টকা মূল্যৰ ২ কিলাে হেৰ’ইন জব্দ, দুজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি পূৰ্ণ গতিত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰােধী অভিযান।

এই অভিযানত শেহতীয়াকৈ আন এক বৃহৎ সাফল্য লাভ কৰিছে মহানগৰ আৰক্ষীয়ে।

গুৱাহাটীৰ গড়চুকত দেওবাৰে বিয়লি জব্দ কৰা হৈছে ১৬ কোটি টকাৰ মূল্যৰ ২.৪৫ কিলােগ্ৰাম হেৰ’ইন।

জানিব পৰা মতে, গােপন সূত্ৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে WB-65 C-2150 নম্বৰৰ ট্ৰাকখনৰ গােপন কেবিনৰ পৰা জব্দ কৰে উক্ত হেৰ’ইনখিনি।

এই অভিযানৰ নেতৃত্ব লৈছিল মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তই।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ডালিম শ্বেখ আৰু দিলোৱাৰ নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, উক্ত ড্ৰাগছখিনি ট্ৰাকযোগে উত্তৰ ভাৰতলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ মাফিয়াচক্ৰই।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment