‘বুলেট বাবা’ৰ মন্দিৰ! এই মন্দিৰত পূজা কৰা হয় এখন বিশেষ বুলেট বাইক! ক’ত আছে এই মন্দিৰ?

March 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। আমি সকলোৱে জানো যে মন্দিৰত ঈশ্বৰৰ মূৰ্তিত পূজা অথবা উপাসনা কৰা হয়। কিন্তু এইবাৰ এটা ব্যতিক্ৰম মন্দিৰৰ কথা পোহৰলৈ আহিছে য’ত মূৰ্তিৰ পৰিৱৰ্তে মন্দিৰটোত ৰখা হৈছে এখন ৰয়েল এনফিল্ড বুলেট ৩৫০ বাইক।

ভক্ত সকলে এই মন্দিৰ দৰ্শন কৰিয়েই আৰম্ভ কৰে দিনটোৰ যাত্ৰা। এই মন্দিৰৰ নাম হৈছে ‘বুলেট বাবা’ৰ মন্দিৰ। আপোনাৰ চাগে এইয়া সাধু অথবা কল্প কাহিনী যেন লাগিছে নহয়নে? কিন্তু আচৰিত যেন লাগিলেও ই সত্য।

অৱশ্যে এই মন্দিৰক ওম বান্না ধাম বুলিও জনা যায়। এই বিশেষ ব্যতিক্ৰম মন্দিৰটো ৰাজস্থানৰ যোধপুৰ-পালি ৰাষ্ট্ৰীয় ঘাইপথত (NH-62) অৱস্থিত। যোধপুৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ আৰু পালিৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত ই অৱস্থিত।

এই মন্দিৰটো ওম বান্না নামৰ এজন লােকৰ নামত উৎসৰ্গিত। সেয়েহে ইয়াক ওম বান্না ধাম বুলি জনা যায়। ওম বান্নাৰ সম্পূৰ্ণ নাম আছিল ওম সিং ৰাথোৰ। তেওঁ পালি চহৰৰ ওচৰৰ চোটিলা গাওঁৰ ঠাকুৰ যোগ সিং ৰাথোৰৰ পুত্ৰ আছিল।

উল্লেখ্য যে ৰাজস্থানত ৰাজপুত সম্প্ৰদায়ৰ যুৱকসকলক বান্না বুলি কোৱা হয়। আনকি দেশৰ বহু ৰাজ্যৰ পৰা উক্ত ঠাইত উপস্থিত হােৱা বাইক চালক তথা আৰোহীসকল এবাৰ হ’লেও এই মন্দিৰলৈ যায় আৰু নিজৰ লগতে পৰিয়ালৰ সুখ, সমৃদ্ধি আৰু সুৰক্ষাৰ কামনা কৰে।

দেশৰ এই ব্যতিক্ৰম মন্দিৰটো নিৰ্মাণৰ আঁৰত আছে এক বিশেষ ঘটনা তথা কাহিনী। জানিব পৰা মতে, আজিৰ পৰা প্ৰায় ৩২ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৮ চনত ওম বান্না নামৰ যুৱকজনে সন্ধিয়া সময়ত নিজৰ বুলেট ৩৫০ বাইকখন লৈ বাঙৰিৰ পৰা চোটিলা গাঁৱলৈ আহি আছিল। সেই সময়তে হঠাৎ ওম বান্নাই পালিৰ পথৰ মাজত কােনাে মানুহ পৰি থকা বুলি ভাবি তেওঁক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যায়। কিন্তু সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকে বাইক সহ ওম বান্নাক মহতিয়াই নিয়ে। আৰু বাইকখন উফৰি গৈ এডাল গছত খুন্দা মাৰে।

এই দুৰ্ঘটনাত ওম বান্নাৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনাৰ পাছত আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ সহ বাইকখন থানালৈ লৈ যায়। কিন্তু ৰহস্যজনকভাৱে আৰক্ষী থানাৰ পৰাই বাইখন অন্তৰ্ধান হয় আৰু দুৰ্ঘটনা সংঘটিত হােৱা ঠাইত আৰক্ষীয়ে বাইকখন লাভ কৰে।

আৰক্ষীয়ে বাইকখন আকৌ থানালৈ নিয়ে যদিও পুনৰ বাইকখন আৰক্ষী থানাৰ পৰাই নাইকীয়া হয় আৰু দুৰ্ঘটনা সংঘটিত স্থানতে পুনৰ প্ৰত্যক্ষ কৰা হয়। তাৰ পিছত আৰক্ষীয়ে বাইকখন থানালৈ নি শিকলিৰে বান্ধি থয় আৰু ইন্ধনৰ টেংকীটো খালী কৰে। লগতে বাইকখনৰ ওপৰত চোকা নিৰীক্ষণৰ ব্যৱস্থা কৰে। কিন্তু ৰহস্যজনকভাৱে পুনৰ আৰক্ষীৰ সন্মুখতে বাইকখন ষ্টাৰ্ট হৈ শিকলি ছিঙি পুনৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয়। সেইবাৰ আৰক্ষীয়ে বাইকখন থানালৈ ঘূৰাই নিনি মৃত যুৱকজনৰ ঘৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। তথাপিও বাইকখনৰ লগত অনুৰূপ ঘটনাই হল। একেদৰে ঘৰৰ পৰাও বাইকখন পুনৰ দুৰ্ঘটনা সংঘটিত ঠাইতে উপস্থিত হয়।

এই ৰহস্যজনক ঘটনাটো ওচৰৰ চুবুৰীয়া গাওঁসমূহত বন জুইৰ দৰে বিয়পি পৰে। বাইকখন বাৰে বাৰে একে ঠাইতে উপস্থিত হোৱা দেখি ওম বান্নাৰ পিতৃয়ে এয়া ওম বান্নাৰ ইচ্ছা বুলি ভাবে আৰু সেইকাৰণে বাইকখন উক্ত ঠাইতে এটা সৰু ঢাপ সাজি তাতে ৰখাৰ ব্যৱস্থা কৰে। ইয়াৰ পাছতে লাহে লাহে অঞ্চলবাসীৰ লগতে পথৰ কাষেৰে পাৰ হােৱা বাইক আৰােহী সকলে বুলেট বাইকখনৰ পূজা কৰিবলৈ আৰম্ভ কৰে আৰু নিজৰ যাত্ৰা বিপদমুক্ত হােৱাৰ বাবে প্ৰাৰ্থনা কৰে।

এনেদৰেই নিৰ্মাণ হ’ল এই ব্যতিক্ৰম মন্দিৰটো আৰু মন্দিৰটোৰ নাম ৰখা হ’ল বুলেট বাবা মন্দিৰ তথা ওম বান্না ধাম হিচাপে।

প্ৰবাদ অনুসৰি, পূৰ্বতে চোটিলা গাঁৱৰ লগতে ওচৰৰ অঞ্চলসমূহত বহুতো পথ দুৰ্ঘটনা হৈছিল। কিন্তু ওম বান্নাৰ মৃত্যুৰ পিছত স্থাপন হোৱা বাইক মন্দিৰটো প্ৰতিষ্ঠাৰ পিছত এনে ঘটনা ক্ৰমাৎ হ্ৰাস পায়।

জনবিশ্বাস অনুসৰি, পালি-যোধপুৰ ঘাইপথেৰে যাত্ৰা কৰা লােকসকলে এবাৰ হ’লেও এই মন্দিৰত উপস্থিত হৈ সেৱা আগবঢ়ায়। ই যাত্ৰা নিৰাপদ কৰি ৰাখে বুলি সকলােৱে বিশ্বাস কৰে।

লগতে চাওকঃ

হেলমেটৰ বাবেই ৰক্ষা পৰিল এজন বাইক চালকৰ জীৱন! কেমেৰাত বন্দী হ’ল দুৰ্ঘটনাৰ দৃশ্য