fbpx
অসমীয়াঅসম

বুধবাৰে অসমৰ ৰাজ্যপালৰূপে শপত ল’ব গুলাব চান্দ কাটাৰিয়াই! ৰাজভৱনত উপস্থিত…

নিউজ ডেস্কঃ কাইলৈ অৰ্থাৎ ২২ ফেব্ৰুৱাৰীত ৰাজ্যৰ নতুন ৰাজ্যপালৰূপে শপত গ্ৰহণ কৰিব গুলাব চান্দ কাটাৰিয়াই।

ইতিমধ্যে মঙলবাৰে অসমত আহি উপস্থিত হয় নৱ নিযুক্ত ৰাজ্যপালগৰাকী।

নৱ নিযুক্ত ৰাজ্যপাল কাটাৰিয়াক বিমান বন্দৰত আদৰণি জনায় ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি দলৰ নেতা-কৰ্মীয়ে।

image 81

ইয়াৰ পিছতে ৰাজভৱনত উপস্থিত হয় কাটাৰিয়া।

সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত কাটাৰিয়াই কয়, “প্ৰধানমন্ত্ৰী মোডী আৰু আমাৰ দলে মোক দিয়া সাংবিধানিক দায়িত্ব মই সূচাৰুৰূপে পূৰণ কৰিবলৈ দায়বদ্ধ।’’

তেওঁ লগতে কয়, ‘ইয়াৰ আগতেও ভাৰতীয় জনতা পাৰ্টিয়ে মোক যি দায়িত্ব দিছিল, সেই দায়িত্ব মই অতি সুন্দৰকৈ পালন কৰিছোঁ।’

উল্লেখ্য যে, গুলাব চান্দ কাটাৰিয়াই ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থানৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী দলৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সমিতিৰো সদস্য।

যোৱা ১২ ফেব্ৰুৱাৰীত অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ ঠাইত কাটাৰিয়াক ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।

Related Articles

Back to top button