বুঢ়ীদিহিং নৈত ভয়াৱহ নাও দুৰ্ঘটনা! নাৱৰ পৰা সৰি পৰিল বাহন, সন্ধানহীন এজন লোক…

ৰাজ্যৰ বান বিভীষিকাৰ মাজতে অঘটন।

জাগুনৰ বুঢ়ীদিহিং নৈত সংঘটিত হৈছে এক ভয়াৱহ নাও দুৰ্ঘটনা।

নাৱৰ পৰা সৰি পৰিল চাৰিচকীয়া বাহন।

মেচিন নাৱৰ পৰা সৰি পৰিল আই-২০ বাহনৰ লগতে মটৰ চাইকেল।

দুৰ্ঘটনাটোৰ ফলত গাড়ীৰ ভিতৰত থকা এজন লোক সন্ধানহীন হৈ পৰে।

সন্ধানহীন হৈ পৰা লোকজনৰ নাম কিৰণ থাকা।