বিৰােধিতা নহয়, চৰকাৰৰ বিদ্যাঞ্জলি আঁচনিৰ মুকলি সমৰ্থন কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ, দিলে এই যুক্তি…

প্ৰাক্তন ছাত্ৰ, এন জি অ’ আদিৰ পৰা সাহায্য বিচাৰি শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগুৱে এখন পত্ৰ প্ৰেৰণ কৰিছিল।

উক্ত পত্ৰখন প্ৰেৰণৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

অসম চৰকাৰৰ লাওলোৱা অৱস্থা হোৱা বুলিও একাংশই সমালোচনা কৰিছিল।

এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মাজতে শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগুৰ পত্ৰখনক একপ্ৰকাৰ সমৰ্থন জনালে নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

তেওঁ কয়- ডঃ ৰণোজ পেগুৰ পত্ৰ মই পঢ়া নাই। তথাপিও বিদ্যালয় সবলীকৰণৰ বাবে চৰকাৰে সহায় বিচৰাটো কোনো অপৰাধ হ’ব নোৱাৰে। নিজে পঢ়া স্কুল-কলেজৰ প্ৰতি সকলোৰে দায়িত্ব থাকে। নিজৰ পঢ়াশালিখন সুন্দৰকৈ ৰখাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য। চৰকাৰে হয়তো বুজোৱাত খেলিমেলি হৈছে। কিন্তু বিদ্যাঞ্জলি আঁচনিখন বেয়া বুলি মই নাভাবোঁ।২

এই আঁচনিৰ জৰিয়তে বিদ্যালয়ত ৰাইজৰ অংশীদাৰিত্ব বাঢ়িব বুলি মন্তব্য কৰি বৰদলৈয়ে কয়-  অংশীদাৰিত্ব বঢ়াৰ লগে লগে দায়িত্বও বঢ়িব। বিদ্যালয়ৰ বাবে বৰঙণি বিচৰাটোক মডাৰ্ণ কনচেপ্ট।

উল্লেখ্য যে, শিক্ষা মন্ত্ৰীৰ পত্ৰখনে অসম চৰকাৰৰ অৰ্থনৈতিক দুৰৱস্থাৰ প্ৰকৃত ছবিখন উদঙাই দিয়া বুলি বিভিন্ন মহলত চৰ্চা চলিছে।