বিৰল মহাজাগতিক পৰিঘটনা! ৫৮০ বছৰ পিছত আজি হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ, অসমতো হ’ব দৃশ্যমান…

আজি পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী।

আজিৰ দিনটোত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ।

এই চন্দ্ৰগ্ৰহণ ৩ঘন্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি থাকিব।

২০০১ৰ পৰা ২১০০ লৈকে এই শতিকাৰ এইটোৱে হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ।

যোৱা মে’ মাহত ভাৰতৰ পৰা শেষবাৰৰ বাবে চন্দ্ৰগ্ৰহণ দেখা গৈছিল। সেইবাৰেই এই বছৰৰ প্ৰথম তথা অন্তিমটো ‘ব্লাড মুন’ দেখা গৈছিল।

উল্লেখ্য যে, ৫৮০ বছৰ পিছত সবাতোকৈ দীঘল সময়ৰ হ’ব এই আংশিক চন্দ্ৰ গ্ৰহণ।

চন্দ্ৰৰ ৯৭শতাংশ ঢকা যাব এই গ্ৰহণত। ১৯ নৱেম্বৰত সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি পৰিব পৃথিৱী।

পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলেই আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ।

সময় অনুসৰি ভাৰতত দিনৰ ১২ বাজি ৪৮ মিনিটৰ পৰা এই আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি ৪বাজি ১৭ মিনিটত ইয়াৰ সমাপ্তি ঘটিব।

মুঠ ৩ঘন্টা ২৮ মিনিট ২৪ছেকেণ্ড ধৰি চলিব এই চন্দ্ৰগ্ৰহণ। অৱশ্যে দেশৰ সকলো প্ৰান্তৰ পৰা এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা নাযাব।

ভাৰতৰ লগতে উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, পূৱ এচিয়া আৰু অষ্ট্ৰেলিয়াটো দৃশ্যমান হ’ব এই চন্দ্ৰ গ্ৰহণ।

অসম তথা অৰুণাচল প্ৰদেশৰ পৰা অতি কম সময়ৰ বাবে এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।

এই সময়চোৱাত কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকিব।

Leave a Comment