বিয়া খাই ঘৰলৈ উভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত বাহন, ৫জন লোকৰ কৰুণ মৃত্যু…

এক শোকাৱহ পথ দুৰ্ঘটনা।

বিয়া খাই ঘৰলৈ উভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত বাহন।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যুক আকোৱালি লয় বাহনখনত থকা ৫ জনকৈ লোকে।লগতে গুৰুতৰভাৱে আহত হয় চালকজন।

শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশৰ ৰামপুৰৰ টাণ্ডা অঞ্চলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি এই দুৰ্ঘটনাটো টাণ্ডা থানাৰ অন্তৰ্গত চীকামপুৰ অঞ্চলত নিশা ১০ বজাত সংঘটিত হৈছে।

এখন বিয়াৰ পৰা মুৰাদাবাদৰ জয়ন্তীপুৰস্থিত নিজৰ ঘৰলৈ উভতি আহি থাকোতেই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল মুঠ ছয়জন লোক।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে দুৰ্ঘটনাত পতিত হোৱা লোক কেইজনক গাড়ীৰ ভিতৰৰ পৰা উলিয়াই।

ইয়াৰ পিছতে ঘটনাস্থলত উপস্থিত হয় স্থানীয় আৰক্ষী।

Leave a Comment