বিয়াৰ ৰভা তলিত কান্দোনৰ ৰোল, ভনীয়েকৰ বিয়াৰ আগনিশা ককায়েকক পৰিকল্পিত হত্যা…

দৰঙৰ ছিপাঝাৰ থানা এলেকাৰ নামখলা শালৈপাৰা গাঁওত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড।

ভনীয়েকৰ বিয়াৰ আগনিশা ককায়েকক পৰিকল্পিত ভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে সম্বন্ধীয় ভায়েকৰ বিৰুদ্ধে।

নিহত যুৱক জনৰ প্রানেশ্বৰ কলিতাৰ জ্যেষ্ঠ পুত্ৰ প্ৰাঞ্জল কলিতা। দেওবাৰে বিয়া আছিল প্ৰাঞ্জলৰ ভনীয়েকৰ।

photo-2021-11-21-16-14-46

যোৱানিশা স্থানীয় ৰাইজে ঘৰৰ পৰা প্ৰায় দুশ মিটাৰ দূৰত খৈৰবাৰীত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে প্ৰাঞ্জল কলিতাক।

সেই স্থানত প্ৰত্যক্ষ কৰা হয় তেজৰ চেকুৰা, চেণ্ডেল আৰু বিলাতী মদৰ ভঙা বটল।

সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় যুৱকজনৰ।

জানিব পোৱা মতে, প্ৰাঞ্জলৰ মোমায়েকৰ পুত্ৰ সঞ্জীৱ ডেকাই যোৱানিশা প্ৰায় ১১ মান বজাত ঘৰৰ পৰা মাতি নিছিল প্ৰাঞ্জলক।

পৰিয়ালে ইয়াকে লৈ মোমায়েকৰ পুত্ৰ সঞ্জীৱ ডেকাই মাটি আনি ৰাজপথত হত্যা কৰাৰ অভিযোগ কৰে।

ইপিনে হত্যা কৰি এই ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিব বিচৰাৰ অভিযোগ কৰে পৰিয়াল আৰু স্থানীয় ৰাইজে।

দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰচাৰ কৰি সঞ্জীৱ ডেকাই মুমূৰ্খ অৱস্থাত দুই কন্যা সন্তানৰ পিতৃ প্ৰাঞ্জলক খৈৰাবাৰী সামূহিক চিকিৎসালয়ত ভৰ্তি কৰাই কৌশলেৰে উধাও হয়। লগতে সেই সময়ৰ পৰাই ফোন অফ হৈ আছে অভিযুক্ত সঞ্জীৱ ডেকাৰ।

আহতৰ অৱস্থা গুৰুতৰ হোৱাত নিশাই মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও তাতেই তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে, গুৱাহাটীত এগৰাকী মণিপুৰী মহিলাৰ সতে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ কিছুদিন পূৰ্বে মুকলি আকাশৰ তললৈ আহিছিল সঞ্জীৱ ডেকাই।

গুৱাহাটীত গাড়ী চলাই থকা প্ৰাঞ্জল ভনীয়েকৰ বিয়াৰ বাবে ঘৰলৈ আহিছিল চাৰি দিন পূর্বে। 

বিয়াৰ ৰভাতলিত এতিয়া কেৱল শুনিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল।

এইপৰ্যন্ত ঘটনাটোৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই।

লগতে চাওকঃ

উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হােৱা সেনা জােৱানৰ পত্নী হ’ল সেনা বিষয়া

photo-2021-11-21-16-50-49

Leave a Comment