বিয়াৰ ৫৪ বছৰ পিছত পিতৃ হােৱাৰ গৌৰৱ অৰ্জন কৰিলে ৭৫ বছৰীয়া প্ৰাক্তন সৈনিকে, আনন্দত আত্মহাৰা পৰিয়াল

নিউজ ডেস্ক। ভাৰত-পাকিস্তানৰ যুদ্ধৰ এগৰাকী সৈনিক। এই যুদ্ধত গুলীবিদ্ধ হৈ প্ৰাণৰক্ষা পৰা গােপীচান্দে ৭৫ বছৰ বয়সত মুখ দেখিলে সন্তানৰ।

বিয়াৰ ৫৪ বছৰ পিছত গােপীচান্দৰ ৭੦ বছৰীয়া পত্নীয়ে জন্ম দিলে এটি ল’ৰা সন্তান।

সন্তানৰ মুখ দেখি আনন্দত আত্মহাৰা হৈ পৰিছে গােপীচান্দৰ পৰিয়াল।

উল্লেখ্য যে গােপীচান্দ ৰাজস্থানৰ আলৱাৰ জিলাৰ বাসিন্দা।

image 70
বিয়াৰ ৫৪ বছৰ পিছত পিতৃ হােৱাৰ গৌৰৱ অৰ্জন কৰিলে ৭৫ বছৰীয়া প্ৰাক্তন সৈনিকে, আনন্দত আত্মহাৰা পৰিয়াল 3

চিকিৎসকসকলে দাবী কৰা মতে এইটো ইমান বেছি বয়সত সন্তানৰ সুখ লাভ কৰাৰ ৰাজ্যখনৰ একমাত্ৰ ঘটনা।

অৱশ্যে, বৰ্তমান আইভিএফ প্ৰযুক্তিৰ দ্বাৰা, বিশ্বৰ বহুতো বৃদ্ধ দম্পতী ৭০ -৮০ বছৰ বয়সতো পিতৃত্ব তথা মাতৃত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।

৭৫ বছৰ বয়সত পিতৃত্ব অৰ্জন কৰি গৌৰৱান্বিত পিতৃ গোপীচান্দ ঝুনঝুনুৰ নুহানিয়া গাঁৱৰ বাসিন্দা।

image 71
বিয়াৰ ৫৪ বছৰ পিছত পিতৃ হােৱাৰ গৌৰৱ অৰ্জন কৰিলে ৭৫ বছৰীয়া প্ৰাক্তন সৈনিকে, আনন্দত আত্মহাৰা পৰিয়াল 4

চিকিৎসক ডাঃ পংকজ গুপ্তাই জনোৱা মতে শিশু আৰু মাতৃ দুয়ো বৰ্তমান ভালে আছে। শিশুটোৰ ওজন প্ৰায় ৩.৫ কিলোগ্ৰাম।

“সমগ্ৰ দেশতে এই বয়সত কেৱল কেইটামান শিশুৰ জন্ম হোৱাৰ ঘটনা হৈছে। এয়া সম্ভৱতঃ ৰাজস্থানৰ প্ৰথম ঘটনা য’ত এজন ৭৫ বছৰীয়া পুৰুষ আৰু ৭০ বছৰীয়া মহিলাৰ এটা সন্তান জন্ম হৈছে,” তেওঁ কয়।

উৎফুল্লিত গোপীচান্দে এই সম্পৰ্কে কয় ” আমি আমাৰ পৰিয়ালক আগুৱাই নিবলৈ পাই সুখী , কিয়নো মই মোৰ দেউতা নায়নু সিঙৰ একমাত্ৰ পুত্ৰ,’ তেওঁ লগতে কয়।

প্ৰায় ডেৰ বছৰ আগতে, গোপীচান্দে তেওঁৰ আত্মীয়ৰ জৰিয়তে প্ৰজনন কেন্দ্ৰৰ কাষ চাপিছিল। তেওঁৰ পত্নী চন্দ্ৰাৱতী দেৱীয়ে আইভিএফৰ জৰিয়তে তৃতীয় প্ৰচেষ্টাত ন মাহ আগতে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু অৱশেষত সোমবাৰে, তেওঁ এটা স্বাস্থ্যৱান সন্তান প্ৰসৱ কৰিলে।

1 thought on “বিয়াৰ ৫৪ বছৰ পিছত পিতৃ হােৱাৰ গৌৰৱ অৰ্জন কৰিলে ৭৫ বছৰীয়া প্ৰাক্তন সৈনিকে, আনন্দত আত্মহাৰা পৰিয়াল”

Comments are closed.