বিয়াৰ বজাৰ কৰিবলৈ গৈ প্ৰেমিক যুগলৰ সৈতে ঘটিল অঘটন!

নিউজ ডেস্ক। কােৱা হয় জন্ম-মৃত্যু আৰু বিবাহ, এই তিনিটাই বিধিৰ লিখন।

এই কথায়েই যেন সত্য প্ৰমাণিত হ’ল এটি প্ৰেমিক যুগলৰ জীৱনত।

বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে দুই পৰিয়ালৰ মাজত বুজাবুজিৰ পাছত ঠিক হৈছিল বিয়াৰ দিন, কিন্তু বিয়াৰ এপষেক পূৰ্বেই থানবান হৈ পৰিল সকলাে।

বিয়াৰ প্ৰস্তুতিৰ মাজতে একেলগে বজাৰ কৰিবলৈ গৈ পুনৰ জীৱন্তে ঘূৰি নাহিল প্ৰেমিক যুগল।

এক শােকাৱহ পথ দুৰ্ঘটনাত চিৰনিদ্ৰাত শুই পৰিল প্ৰেমিক যুগল।

photo-2021-11-15-20-01-24

দুৰ্ভগীয়া শচীন

এক শোকাৱহ ঘটনাৰ সংঘটিত হ’ল উত্তৰ প্ৰদেশৰ কানপুৰৰ আউৰিয়াত।

দৰা-কইনাৰ সাজ পিন্ধি যুগ্ম জীৱনৰ পাতনিৰ সপােন বাস্তৱায়িত নহ’ল শচীন শ্ৰীবাস্তৱ (৩੦) আৰু চোনি প্ৰজাপতি (২৫) ৰ।

জানিব পৰা মতে, দুয়োজনে ১০ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। সেয়েহে তেওঁলোকে বজাৰ কৰিবলৈ কানপুৰলৈ গৈছিল।

কিন্তু ঘৰলৈ উভতি অহাৰ পথত এখন অচিনাক্ত বাহনে তেওঁলোকৰ স্কুটীত খুন্দা মাৰে। যাৰ ফলত দুয়োৰে মৃত্যু হয়।

দুয়ােজনেই পিন্ধা নাছিল হেলমেট, যাৰ বাবে তেওঁলােকৰ প্ৰাণৰক্ষা নৰপিল বুলি ধাৰণা কৰা হৈছিল।

photo-2021-11-15-20-01-24-copy

চােনী প্ৰজাপতি

জানিব পৰা মতে, মৃত শচীন শ্ৰীবাস্তৱ আৰু চোনি একেটা এলেকাতে বাস কৰিছিল।

দুয়োৰে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু তেওঁলোকৰ বিবাহৰ বাবে দুয়োজনে তেওঁলোকৰ পৰিয়ালক যথেষ্ট সৈমান কৰিব লগা হৈছিল।

দুয়োজনৰ পৰিয়ালৰ সদস্যসকল বিয়াৰ বাবে কোনোমতে সাজু হৈছিল, কিয়নো তেওঁলোক ভিন্ন জাতিৰ আছিল।

শচীন শ্ৰীবাস্তৱ চিবিআইত কেৰাণী হিচাপে নিযুক্ত হৈছিল।

কিছুদিন পূৰ্বে তেওঁলোকৰ বাগদান অনুষ্ঠান সম্পন্ন হৈছিল আৰু তাৰ পিছতেই পৰিয়ালে বিয়াৰ বাবে সাজু হৈছিল। কিন্তু দুৰ্ঘটনাটোৱে দুয়োটা পৰিয়ালক শোকাহত কৰি তোলে।

এয়া দুৰ্ঘটনা নে এই ঘটনাৰ আঁৰত অন্য কিবা ৰহস্য লুকাই আছে, তাকে লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Comment